ইকুৱেডৰৰ কুখ্যাত মাচালা কাৰাগাৰত পুনৰ কয়দীসকলৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত ১৩ জনৰ মৃত্যু হোৱা বুলি সোমবাৰে কৰ্তৃপক্ষই জনাইছে। কাৰাগাৰৰ ভিতৰৰ পৰা চলোৱা ড্ৰাগছ সৰবৰাহ চক্ৰৰ মাজত চলি থকা সংঘৰ্ষৰ দৰে সমস্যাৰে যুঁজি থকা দেশখনৰ বাবে এই ঘটনা এক নতুন প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে।
নেশ্যনেল চাৰ্ভিচ ফৰ পিপল ডিপ্ৰাইভড অৱ লিবাৰ্টিৰ মতে, দক্ষিণ-পশ্চিম ইকুৱেডৰৰ মাচালা কাৰাগাৰৰ বাহিৰত বিস্ফোৰণ হোৱাৰ পিছতে দেওবাৰে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। কাৰাগাৰৰ সংস্থাটোৱে জনাইছে যে তদন্ত চলি আছে আৰু ফৰেনছিক দলে মৃতকক কেনেকৈ হত্যা কৰা হ’ল সেইটো নিৰ্ণয় কৰিবলৈ পৰীক্ষা কৰি আছে।
ইকুৱেডৰৰ কাৰাগাৰসমূহে দুৰ্নীতি তথা ড্ৰাগছ মাফিয়াৰ মাজত বজাৰ নিয়ন্ত্ৰণৰ বাবে চলি থকা যুঁজৰ বাবে নিৰন্তৰ সমস্যাৰ সন্মুখীন হৈ আহিছে।
দক্ষিণ আমেৰিকাৰ দেশখন মেক্সিকো আৰু আমেৰিকালৈ পঠোৱা কোকেইনৰ চালানৰ এক মূল কেন্দ্ৰ হৈ পৰিছে। ইকুৱেডৰত কাৰাগাৰৰ আঁৰৰ পৰাই এই গোটৰ সদস্যই ধন দাবীৰ ৰেকেটৰ লগতে ড্ৰাগছ সৰবৰাহৰ চক্ৰও চলায়।
যোৱা মাহত মাচালাত ৩১ জন কয়দীৰ এটা দল বদলিৰ প্ৰচেষ্টাৰ ফলত দাঙ্গা সংঘটিত হৈছিল। তদুপৰি, ছেপ্টেম্বৰ মাহতো দুটা গেঙৰ সদস্যৰ মাজত হোৱা কাজিয়াত মাচালাত ১৪ জন কয়দীৰ মৃত্যু হৈছিল।
লক্ষ্যনীয়ভাৱে বিগত চাৰি বছৰত ইকুৱেডৰত হত্যাৰ হাৰ তিনিগুণ বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে ২০২০ চনৰ পৰা ২০২৪ চনলৈকে ইকুৱেডৰৰ কাৰাগাৰত কমেও ৫৯১ টা হত্যাকাণ্ডৰ তথ্য লাভ কৰিছে।
আৰক্ষীয়ে পিছত কাৰাগাৰৰ শৃংখলা ঘূৰাই আনিবলৈ সক্ষম হয় যদিও, ২০২১ চনৰ পৰা এনে সংঘৰ্ষত শ শ লোকৰ মৃত্যু হৈছে। যদিও চৰকাৰে সামৰিক বাহিনী আনি নিৰাপত্তা বৃদ্ধিৰ প্ৰচেষ্টা চলাইছে, ইকুৱেডৰৰ কাৰাগাৰসমূহ এতিয়াও অত্যন্ত বিপজ্জনক হৈয়ে আছে।
এই ভয়াৱহ পৰিস্থিতিৰ মাজতে সোমবাৰে ইকুৱেডৰৰ শাসকীয় দলৰ বিধায়কসকলে দেশখনৰ সংবিধান সংশোধনৰ বাবে বিধেয়ক উত্থাপন কৰে। কয়দীসকলে শাস্তি হ্ৰাস কৰাৰ দৰে বিশেষ সুবিধা লাভ কৰাত বাধা দিবৰ বাবে এই বিধেয়ক উত্থাপন কৰা হৈছে বুলি সদৰী কৰিছে।
উল্লেখ্য যে, যোৱা বছৰ ইকুৱেডৰৰ এজন কুখ্যাত গেং লিডাৰে কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পিছত কেইবা ডজন কাৰাগাৰৰ প্ৰহৰীক অপহৰণ কৰা হৈছিল আৰু এটা টেলিভিছন ষ্টেচনো আক্ৰমণৰ বলি হৈছিল। এই পৰিস্থিতিৰ ফলত ৰাষ্ট্ৰপতি ডেনিয়েল নোব’য়াই জৰুৰীকালীন অৱস্থা ঘোষণা কৰি এক বাধ্যতামূলক নিৰ্দেশনা (ডিক্রী) জাৰি কৰিছিল, য’ত কোৱা হৈছিল যে দেশখন ড্ৰাগছ কাৰ্টেলৰ বিৰুদ্ধে আভ্যন্তৰীণ সংঘাতত পৰিছে।
নোব’য়াৰ ডিক্রীৰ পিছত ইকুৱেডৰৰ সেনাই দেশখনৰ কাৰাগাৰসমূহৰ দায়িত্ব লয় যদিও বহু সুবিধাৰ পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে।
