ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ভাৰতৰ ৫ম প্ৰজন্মৰ যুঁজাৰু বিমানৰ ‘ব্ৰহ্মাস্ত্ৰ’! জানো আহক AMCA ৰ শক্তিশালী ৰাডাৰৰ বিশেষত্ব

ভাৰতীয় বায়ুসেনাৰ পৰৱৰ্তী প্ৰজন্মৰ লুকাই চুৰকৈ আক্ৰমণ কৰিব পৰা যুঁজাৰু বিমান ‘এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট’ (AMCA) কেৱল এখন যুঁজাৰু বিমানেই নহয়, ই ভাৰতৰ সামৰিক ভৱিষ্যতৰ এক নতুন কৌশল। যিকোনো যুঁজাৰু বিমানৰ প্ৰকৃত শক্তি নিৰ্ভৰ কৰে ইয়াৰ চকু বা ৰাডাৰৰ ওপৰত। সেইবাবেই এএমচিএ(AMCA)ত ব্যৱহাৰ কৰা হৈছে ভাৰতৰ নিজা প্ৰযুক্তিৰে নিৰ্মিত অতি শক্তিশালী  গিএএন(GaN) ভিত্তিক এ এইএছএ(AESA) ৰাডাৰ।

কি এই GaN ভিত্তিক AESA ৰাডাৰ?

এএমচিএ(AMCA)ত ব্যৱহৃত এই এইএছএ(AESA) ৰাডাৰ GaN (Gallium Nitride) প্ৰযুক্তি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে। বৰ্তমান বিশ্বত ব্যৱহৃত সাধাৰণ ৰাডাৰতকৈ এই ৰাডাৰ কেইবাগুণো শক্তিশালী। এই প্ৰযুক্তিৰ ফলত ৰাডাৰৰ প্ৰতিটো ‘ট্ৰেন্সমিট/ৰিচিভ মডিউল’ (TRM) অধিক শক্তিশালী হয়। ইয়াৰ অৰ্থ হ’ল—

কম শক্তি খৰচতে অধিক ৰেঞ্জ: কম বিদ্যুৎ ব্যৱহাৰ কৰিও ই বহু দূৰলৈকে শত্ৰুক ধৰা পেলাব পাৰে।

উচ্চ তাপ প্ৰতিৰোধ: অত্যধিক গৰম সহ্য কৰিব পৰা ক্ষমতাই ইয়াক আধুনিক যুদ্ধক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিব।

একেসময়তে ২০০ লক্ষ্যত নজৰ ৰখাৰ ক্ষমতা উল্লেখ যোগ্য। নতুন ৰাডাৰটোত প্ৰায় ১,৫৯৩ টা টি আৰ এম (TRM) মডিউলৰ বিশেষ বিন্যাস আছে। এই বিশাল ক্ষমতাই ৰাডাৰটোক বহু বেছি সংখ্যক লক্ষ্য ধৰা পেলাবলৈ সক্ষম কৰি তোলে। এটা অনুমান অনুসৰি, আমকাৰ এই ৰাডাৰে একেলগে ২০০ ৰো অধিক লক্ষ্য (Targets) অনুসৰণ বা ট্ৰেক কৰিব পাৰে। ইয়াৰ ফলত পাইলটে একেসময়তে একাধিক শত্ৰুৰ ক্ষেপণাস্ত্ৰ বা বিমানক ধংস কৰিবলৈ সক্ষম হ’ব।

ষ্টেলথ প্ৰযুক্তি আৰু চেন্সৰ ফিউজন

AMCA এখন ষ্টেলথ বা লুকাই থকা বিমান। সেয়েহে, ৰাডাৰটো বিমানখনৰ নাকৰ ওচৰত এনেদৰে স্থাপন কৰা হ’ব যাতে শত্ৰুৰ ৰাডাৰে ইয়াক ধৰা পেলাব নোৱাৰে (Radar Cross Section বৃদ্ধি নহয়)। তদুপৰি, এই ৰাডাৰ কেৱল সংকেত প্ৰেৰণ কৰা যন্ত্ৰই নহয়; ই বিমানৰ ইলেক্ট্ৰনিক যুদ্ধ ব্যৱস্থা আৰু ইনফ্ৰাৰেড চেন্সৰৰ সৈতে সংযুক্ত হৈ পাইলটক যুদ্ধক্ষেত্ৰৰ সম্পূৰ্ণ ছবি (Situational Awareness) প্ৰদান কৰিব।

আত্মনিৰ্ভৰ ভাৰতৰ দিশত এক ডাঙৰ পদক্ষেপ

ৰাডাৰটোৱে মূলতঃ এক্স-বেণ্ড ফ্ৰিকুৱেন্সি (৮-১২ গিগাহাৰ্টজ) ত কাম কৰিব, যিটো যুঁজাৰু বিমানৰ বাবে আটাইতকৈ ফলপ্ৰসূ বুলি গণ্য কৰা হয়। যদি প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO) আৰু এল আৰ ডি ই (LRDE) য়ে এই পৰিকল্পনা সফলতাৰে সম্পূৰ্ণ কৰিব পাৰে, তেন্তে প্ৰতিৰক্ষা খণ্ডত ভাৰতে এক নতুন অধ্যায়ত প্ৰৱেশ কৰিব। এই ৰাডাৰ ব্যৱস্থাই ভৱিষ্যতে বিদেশী ৰাডাৰৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰি দেশীয় উদ্যোগক এক নতুন মাত্ৰা প্ৰদান কৰিব।