আধাৰ কাৰ্ডত মোবাইল নম্বৰ আপডেট কৰাটো সাধাৰণ জনতাৰ বাবে সদায় এক বিৰক্তিকৰ সমস্যা আছিল। কাৰণ বেংকৰ কামেই হওক বা চৰকাৰী কামেই হওক, সকলোতে প্ৰয়োজনীয় অ’টিপি (OTP) পঞ্জীয়নভুক্ত মোবাইল নম্বৰতহে আহে। এই মোবাইল নম্বৰটো সলনি কৰিবলৈ এতিয়ালৈকে দীঘলীয়া শাৰী পাতি আধাৰ কেন্দ্ৰত থিয় হ’বলগীয়া হৈছিল।
এতিয়া সেই দিনবোৰ শেষ হ’ল! অৱশেষত, দেশৰ ইউনিক আইডেন্টিফিকেশন অথৰিটি বা ইউআইডিএআইয়ে (UIDAI) নতুন আধাৰ এপত এই বিশেষ সুবিধাটো মুকলি কৰিছে। এতিয়াৰ পৰা মোবাইল নম্বৰ আপডেটৰ কামটো সম্পূৰ্ণ ডিজিটেলভাৱে আৰু ঘৰৰ পৰাই কৰিব পৰা যাব।
এই নতুন এপটোৰ জৰিয়তে আপুনি সহজেই নিজৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰ সলনি কৰিব পাৰিব। প্ৰক্ৰিয়াটো অত্যন্ত সহজ:
১. প্ৰথমে আপোনাৰ ফোনত নতুন আধাৰ এপটো ডাউনলোড কৰক।
২. তাৰ পিছত এপটোত উপলব্ধ ‘Mobile Number Update’ বিকল্পটো বাছনি কৰক।
৩. আপোনাৰ মোবাইল নম্বৰটো অ’টিপি ভেৰিফিকেচন আৰু ফেচ অথেন্টিকেচনৰ (মুখমণ্ডল পৰিচিতকৰণ) জৰিয়তে আপডেট কৰা হ‘ব।
ইউআইডিএআইয়ে জনাইছে যে এই নতুন ব্যৱস্থাই বহু লোকৰ সময় ৰাহি কৰিব আৰু আধাৰ কেন্দ্ৰত ভিৰ কমোৱাত সহায় কৰিব।
এপটোৰ সুৰক্ষা আৰু ভৱিষ্যতৰ পৰিকল্পনা
এই নতুন এপটোৰ মূল লক্ষ্য হৈছে পৰিচয় পৰীক্ষণক অধিক সুৰক্ষিত কৰা। ইয়াৰ QR ক’ডৰ জৰিয়তেও অনলাইনযোগে পৰিচয় পৰীক্ষা কৰিব পৰা যায়। লগতে, আপুনি ইচ্ছা কৰিলে নিজৰ পৰিয়ালৰ আন সদস্যসকলৰ আধাৰ তথ্যও এই এপটোত ৰাখিব পাৰে।
অৱশ্যে, বৰ্তমানৰ বাবে কেৱল মোবাইল নম্বৰ আপডেটৰ সুবিধাহে উপলব্ধ হ’ব। নাম, ইমেইল আইডি বা ঠিকনা আপডেটৰ দৰে আন কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট এতিয়া এই এপত কৰিব পৰা নাযাব। ঠিক সেইদৰে, ফিংগাৰপ্ৰিণ্ট, আইৰিছ স্কেন বা ফটো আপডেটৰ দৰে বায়’মেট্ৰিক পৰিৱৰ্তন এতিয়াও আধাৰ কেন্দ্ৰলৈ গৈ অফলাইনতহে কৰিব লাগিব।
বৰ্তমান মোবাইল নম্বৰ আপডেট আৰম্ভ হোৱাটোৱেই সাধাৰণ ৰাইজৰ বাবে এক বৃহৎ সকাহ। ইউআইডিএআইয়ে আশ্বাস দিছে যে ভৱিষ্যতে আন সকলো সেৱা লাহে লাহে আৰম্ভ কৰা হ‘ব, যাৰ ফলত এই নতুন আধাৰ এপটো নাগৰিকৰ বাবে ‘ৱান-ষ্টপ-ছলিউচন’ হৈ উঠিব।
