ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ব্যৰ্থ ট্ৰাম্পৰ ‘মধ্যস্থতা’! পাঁচ মাহৰ পিছত পুনৰ সংঘাত, কম্বোডিয়াত বিমান আক্ৰমণ থাইলেণ্ডৰ

পাঁচ মাহৰ ভিতৰতে পুনৰ আৰম্ভ হৈছে থাইলেণ্ড-কম্বোডিয়াৰ ‘যুদ্ধ’। জানিব পৰা মতে, সোমবাৰে পুৱা থাইলেণ্ডে কম্বোডিয়াৰ সেনাৰ ঘাটি লক্ষ্য কৰি বিমান আক্ৰমণ চলায়। ইপিনে, সোমবাৰে পুৱাৰে পৰা কম্বোডিয়াই ব্যাপক গোলাবৰ্ষণ  চলাইছে বুলি দাবী কৰিছে থাইলেণ্ডৰ সেনাই। ফলত এজন জোৱানৰ মৃত্যু হয়। ইয়াৰ প্ৰত্যুত্তৰতে থাইলেণ্ডৰ সেনাই বিমান আক্ৰমণ চলায়।

মন কৰিবলগীয়া যে চলিত বৰ্ষৰ জুলাই মাহতে দুয়োখন দেশৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। আমেৰিকাৰ হস্তক্ষেপ শান্ত হৈছিল যদিও দুয়োপক্ষৰ মাজত পৰিস্থিতি পুনৰ উত্তেজিত হৈ পৰিছে।

চলিত বৰ্ষৰ জুলাই মাহত দক্ষিণ-পূব এছিয়াৰ দুয়োখন দেশৰ মাজত একেৰাহে পাঁচদিন যুদ্ধ চলিছিল। দুয়োপক্ষৰ কমেও ৪০ জন লোকৰ মৃত্যু হয়। তিনিদিন ধৰি গোলাবৰ্ষণৰ অন্তত কম্বোডিয়াই থাইলেণ্ডক যুদ্ধ বন্ধ কৰিবলৈ অনুৰোধ জনায়। অৱশ্যে থাইলেণ্ডে এই প্ৰস্তাৱৰ প্ৰতি কোনো গুৰুত্ব নিদিলে।

অৱশেষত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ মধ্যস্থতাত দুয়োপক্ষই সম্পূৰ্ণ যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰে। যদিও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছিল যে তেওঁৰ প্ৰচেষ্টাতে থাইলেণ্ড আৰু কম্বোডিয়াই এই যুদ্ধ বন্ধ কৰিবলৈ সন্মত হৈছিল। অক্টোবৰ মাহত দুয়োপক্ষই শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল।

কিন্তু বিগত পাঁচ মাহত দুয়োপক্ষই ইটোৱে সিটোৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে। সোমবাৰে পুৱাৰে পৰা পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰিছে। থাইলেণ্ডৰ সেনাই দাবী কৰিছে যে দেওবাৰে পূব প্ৰদেশ ছি ছা কেটত কম্বোডিয়াৰ সৈতে কমেও ৩৫ মিনিটৰ বাবে সংঘাত হৈছিল। ইয়াৰ পিছত থাইলেণ্ড প্ৰশাসনে ছি ছা কেটকে ধৰি চাৰিখন প্ৰদেশৰ পৰা সাধাৰণ জনতাক নিৰাপদ আশ্ৰয়স্থললৈ স্থানান্তৰিত কৰে।

সোমবাৰৰ পৰা দুয়োপক্ষই যুদ্ধৰ প্ৰৱণতা গ্ৰহণ কৰিছে। থাইলেণ্ডে দাবী কৰিছে যে কম্বোডিয়াই সেনাবাহিনীৰ ওপৰত গুলীচালনা কৰিছিল। যদিও কম্বোডিয়াই সেই দাবী অস্বীকাৰ কৰিছে। নম পেনে দাবী কৰে যে তেওঁলোক শান্তি চুক্তিত অটল।

থাইলেণ্ডৰ সেনাই দাবী কৰিছে যে কম্বোডিয়াৰ লেণ্ডমাইন বিস্ফোৰণত এজন জোৱান শ্বহীদ হৈছে। তাৰ পিছত থাইলেণ্ডৰ বায়ুসেনাৰ এখন বিমানে কম্বোডিয়াৰ সামৰিক ঘাটিত বোমা নিক্ষেপ কৰে। থাইলেণ্ডৰ সেনাইও বিনিময়ত কম্বোডিয়াই ৰকেট নিক্ষেপ কৰা বুলি প্ৰকাশ কৰিছে। মুঠতে এছিয়াত পুনৰ যুদ্ধৰ জুই জ্বলি উঠিছে, বৃদ্ধি পাব অস্থিৰতা।