ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

প্ৰলোভন দেখুৱাই চিনেমাত বিনিয়োগ! ৩০ কোটিৰ প্ৰতাৰণাৰ গোচৰত গ্ৰেপ্তাৰ বিক্ৰম ভাট আৰু তেওঁৰ পত্নী

বলীউডৰ পৰিচালক বিক্ৰম ভাট আৰু তেওঁৰ পত্নী শ্বেতাম্বৰী ভাটক ৰাজস্থান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, উদয়পুৰৰ ইন্দিৰা গ্ৰুপ অৱ কোম্পানীৰ স্বত্বাধিকাৰী ড০ অজয় ​​মুৰ্দিয়াৰ অভিযোগৰ ভিত্তিত ৩০ কোটি টকাৰ প্ৰতাৰণাৰ গোচৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ৰাজস্থান আৰক্ষীয়ে ধৃত পৰিচালক আৰু তেওঁৰ পত্নীক জিম্মাত লৈছে। তেওঁলোকক ট্ৰেনজিট ৰিমাণ্ডত উদয়পুৰলৈ লৈ যোৱা হ’ব। জানিব পৰা মতে, ইতিমধ্যে দম্পতীহালৰ চিকিৎসা পৰীক্ষা কৰা হৈছে।

গ্ৰেপ্তাৰৰ ৭ দিন পূৰ্বে উদয়পুৰ আৰক্ষীয়ে বিক্ৰম, শ্বেতাম্বৰীকে ধৰি আন ছয়জনৰ বিৰুদ্ধে লুকাউট নোটিচ জাৰি কৰিছিল। জাননীখনত কোৱা হৈছে যে ৮ ডিচেম্বৰৰ ভিতৰত সকলো অভিযুক্তই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব আৰু অনুমতি অবিহনে বিদেশলৈ যাবলৈ দিয়া নহ’ব।

এই গোচৰৰ সূত্ৰপাত হৈছে এটা প্ৰস্তাৱিত বায়’পিক প্ৰকল্পৰ পৰা। ড° মুৰ্দিয়াই তেওঁৰ প্ৰয়াত পত্নীৰ জীৱনৰ ওপৰত এখন বায়’পিক নিৰ্মাণ কৰিব বিচাৰিছিল। অভিযোগ অনুসৰি বিক্ৰম ভাট আৰু তেওঁৰ পত্নীয়ে ড° মুৰ্দিয়াক ২০০ কোটি টকা লাভৰ প্ৰতিশ্ৰুতি দি ছবিখনত বিনিয়োগ কৰিবলৈ প্ৰলোভিত কৰিছিল।

আৰক্ষী সূত্ৰই জনোৱা মতে, বিক্ৰম আৰু শ্বেতাম্বৰীৰ উপৰিও তেওঁলোকৰ কন্যা কৃষ্ণা ভাট (মুম্বাই), দীনেশ কাটাৰিয়া (উদয়পুৰ), মেহবুব আনছাৰী (থানে), মুদিত বুটাত্তান (দিল্লী), গংগেশ্বৰ লাল শ্ৰীবাস্তৱ (ডি এছ চিৰ অধ্যক্ষ) আৰু অশোক ডুবে (ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজ, মুম্বাই) জড়িত আছিল।

জানিব পৰা মতে, বায়’পিক সন্দৰ্ভত বিগত বৰ্ষৰ ২৫ এপ্ৰিলত বৃন্দাবন ষ্টুডিঅ’ত মুৰ্দিয়াই বিক্ৰম ভাটক লগ পাইছিল। ইয়াৰ পিছত বিক্ৰমে কয় যে তেওঁ ছবিখন পৰিচালনা কৰিব আৰু তেওঁৰ পত্নী আৰু কন্যাই এই প্ৰকল্পত তেওঁৰ সহযোগী হ’ব। VSB LLP নামৰ এটা প্ৰতিষ্ঠানো শ্বেতাম্বৰী ভাটৰ নামত পঞ্জীয়ন কৰা হৈছিল।

পৰিচালকগৰাকীয়ে দাবী কৰে যে এই অভিযোগ ‘মিছা আৰু ভিত্তিহীন’, ‘হয়তো আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ ভুৱা নথি-পত্ৰ দিয়া হৈছে।’ তেওঁ লগতে অভিযোগ কৰে যে ড° মুৰ্দিয়াই ছবিখনৰ কাম মাজভাগতে বন্ধ কৰি দিছিল। তেওঁ এতিয়াও পাবলগীয়া ধন আদায় দিয়া নাই। ছবিখনৰ বাবে ব্যয় কৰা কোটি কোটি টকা এতিয়াও দিবলৈ বাকী আছে।’ পৰিচালকগৰাকীৰ মতে সেই আদায় দিবলগীয়া ধনৰ পৰা হাত সাৰিবলৈ এই ভুৱা অভিযোগ উত্থাপন কৰা হৈছে।

৫৬ বছৰীয়া চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ সাজু বুলি উল্লেখ কৰি আৰক্ষীক সকলো প্ৰমাণ দেখুৱাৰ আশ্বাস দিয়ে, “মই যি কৈছো তাৰ সম্পূৰ্ণ প্ৰমাণ মোৰ হাতত আছে। আৰক্ষীয়ে যদি নথি-পত্ৰ বিচাৰে তেন্তে মই সকলোবোৰ দেখুৱাম। তেতিয়া কোন সঠিক আৰু কোন ভুল সেয়া স্পষ্ট হ’ব।”