ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

পোষ্ট মেল’নৰ সংগীতানুষ্ঠানৰ বাবে সোমবাৰে গুৱাহাটীৰ কেইবাটাও পথত বন্ধ থাকিব বাণিজ্যিক যান-বাহনৰ চলাচল

আমেৰিকান ৰেপাৰ পোষ্ট মেল’নৰ সংগীতানুষ্ঠানৰ বাবে মহানগৰ প্ৰশাসন সাজু হৈ উঠিছে। অহা ৮ ডিচেম্বৰ, সোমবাৰে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া এই কনচাৰ্টৰ বাবে মহানগৰ আৰক্ষীয়ে বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে। অনুষ্ঠানলৈ ২০-২২ হাজাৰ দৰ্শক অহাৰ সম্ভাৱনা আছে।

যান-বাহন চলাচল সুচাৰুৰূপে চলাবলৈ মহানগৰ আৰক্ষীয়ে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সোমবাৰে পুৱা ১০ বজাৰ পৰা কনচাৰ্ট অনুষ্ঠিত হ’বলগীয়া খানাপাৰা অঞ্চলত বাণিজ্যিক সামগ্ৰী কঢ়িয়াই নিয়া বাহনসমূহৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

বাণিজ্যিক যান-বাহনৰ চলাচল বন্ধ থাকিব এইকেইটা পথত:

ছয়মাইল উৰণ সেতুৰ পৰা খানাপাৰাৰ লটাৰীলৈকে।

ছয়মাইল উৰণ সেতুৰ পৰা বালুঘাট ত্ৰিপুৰা গলি হৈ জয়ানগৰ চাৰিআলিলৈকে।

বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈকে।

জয়ানগৰ চাৰিআলিৰ পৰা APSCৰ পইণ্টলৈকেও।

খানাপাৰাৰ পৰা বশিষ্ঠলৈকে থকা ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ ৰোডতো।

সৰু ব্যক্তিগত বাহনৰ বাবে বিয়লি ৩ বজাৰ পৰা এই নিয়ম বলবৎ হ’ব আৰু অনুষ্ঠান সমাপ্ত নোহোৱালৈকে বা প্ৰয়োজন অনুসৰি এই নিষেধাজ্ঞা কাৰ্যকৰী হৈ থাকিব।

পাৰ্কিং আৰু প্ৰৱেশ সম্পৰ্কে নিৰ্দেশনা:

ন‘ পাৰ্কিং জ’ন: জিএছ ৰোডৰ পৰা খানাপাৰালৈকে আৰু ছয় মাইলৰ পৰা জয়ানগৰ চাৰিআলিলৈকে ‘ন’ পাৰ্কিং জ’ন‘ ঘোষণা কৰা হৈছে।

দৰ্শকৰ বাবে পাৰ্কিং ব্যৱস্থা: দৰ্শকৰ বাবে ৩ হাজাৰ গাড়ী আৰু ১,২০০ দুচকীয়া বাহন ৰাখিবপৰাকৈ বিশেষ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে।

প্ৰৱেশ সময়: সোমবাৰে দুপৰীয়া ৩.৩০ বজাৰ পৰা দৰ্শকে ফিল্ডৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব।

নিষিদ্ধ সামগ্ৰী: অনুষ্ঠানৰ ভিতৰলৈ পানী বটল আৰু বেগ লৈ যাব নোৱাৰিব কোনো দৰ্শকে।

নিষেধাজ্ঞাৰ পৰা ৰেহাই পোৱা বাহনসমূহ:

স্কুল বাছ, জৰুৰীকালীন যান-বাহন আৰু স্থানীয় বাসিন্দাসকলৰ বাহন এই নিষেধাজ্ঞাৰ দ্বাৰা ৰেহাই পাব।

ৰিয়েল টাইম আপডেটৰ বাবে জনসাধাৰণক গুৱাহাটী যান-বাহন আৰক্ষীৰ ছ’চিয়েল মিডিয়া হেণ্ডেল অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

উল্লেখ্য যে, অসম চৰকাৰে মে’ মাহত ‘কনচাৰ্ট টুৰিজিম’ৰ প্ৰচাৰৰ বাবে নতুন নীতিত অনুমোদন জনাইছিল আৰু বুকমাইশ্ব’ প্লেটফৰ্ম পৰিচালনা কৰা বিগট্ৰি এণ্টাৰটেইনমেণ্টৰ সৈতে অংশীদাৰিত্ব কৰি ৰাজ্যত এই সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত অসমৰ বাহিৰৰ পৰাও বহু সংখ্যক লোক উপস্থিত হোৱাৰ সম্ভাৱনা আছে বুলি মহানগৰ আৰক্ষীয়ে জনাইছে।