ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ (Food Corporation India) গুদামৰ পৰা বৃহৎ পৰিমাণৰ সুলভ মূল্যৰ চাউল উধাও হোৱাৰ ঘটনা পোহৰলৈ আহিছে।
জন কল্যাণৰ সৈতে জড়িত এই বিষয়টোৱে সুলভ মূল্যৰ দোকানৰ গৰাকী আৰু সচেতন ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ব্যাপক চৰ্চা লাভ কৰিছে। দ্য আছাম ট্ৰিবিউন কাকতৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।
বাতৰি অনুসৰি, ৰাজহুৱা বিতৰণৰ বাবে (খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত) মজুত কৰি থোৱা ২৬,৮০০ বস্তা চাউল ধেমাজি এফচিআই গুদামৰ পৰা উধাও হৈছে।
চাউল যোগান ধৰা সংগ্ৰহকাৰী এজেণ্টসকলক যোগানত চাউলৰ নাটনি হোৱাৰ খবৰ পোৱাৰ পিছত লখিমপুৰৰ এফচিআই বিষয়াসকলে প্ৰাথমিক তদন্ত চলোৱাৰ সময়তে এই চাউলৰ বস্তাসমূহৰ সন্ধানহীন হোৱাৰ ঘটনা পোহৰলৈ আহে।
উধাও হোৱা চাউলৰ প্ৰকৃত পৰিমাণ ১৩,০০০ কুইন্টল বুলি কোৱা হৈছে, যাৰ মূল্য ৫.২০ কোটি টকা। ধেমাজি এফচিআই গুদামৰ সকলো চাউলৰ মজুতৰ দায়িত্বত থকা এজন এফচিআই বিষয়া ৰাকেশ দাসক সুলভ মূল্যৰ চাউল উধাও হোৱাৰ অভিযোগত সোধা-পোছা কৰা হৈছে।
ইপিনে, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে এই চাউল কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত ধেমাজি এফচিআইৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাকেশ দাস আৰু অন্য চাৰিজন ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰিছে।
সংশ্লিষ্ট বিভাগটোৱে ঘটনাটোৰ তদন্তও আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে তেওঁলোকে কোনো তথ্য সদৰি কৰা নাই।
