ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ৰোহিত-কোহলিৰ যাদু! যশস্বীৰ শতকেৰে টেষ্টৰ হতাশা পাহৰি এদিনীয়া শৃংখলা জয় ভাৰতৰ

এইটো পুৰণি টিম ইণ্ডিয়াৰ দৰেই লাগিছিল। যিটো টিমে যিকোনো প্ৰতিদ্বন্দ্বীক পৰাজয়ৰ বাট দেখুৱাব পাৰে। আক্ৰমণাত্মক ক্ৰিকেটেৰে প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰে। যি ভাৰতে বিশ্বকাপৰ ফাইনেল খেলিছিল, চেম্পিয়নছ ট্ৰফী জয় কৰিছিল। যেন সেই অদম্য ভাৰতীয় দলটো ভিজাগত দেখা গ’ল৷

শেষৰখন খেলত ভাৰতে প্ৰটিয়াছক ৯ উইকেটত হৰুৱাই শৃংখলাটো দখল কৰিলে। কোনে ক’ব যে কিছুদিন পূৰ্বে এই দলটোৱে টেষ্ট শৃংখলাত ২-০ ব্যৱধানত পৰাস্ত হৈছিল আৰু লজ্জাত পৰিছিল। তাৰ পিছতে এদিনীয়া দলটোৰ একমাত্ৰ ডাঙৰ পৰিৱৰ্তন হ’ল দুজন মহান খেলুৱৈৰ আগমন। যাৰ বাবেই নিশাটোৰ ভিতৰতে দলটোৰ পৰিৱেশ সলনি হৈ গ’ল।

শনিবাৰে ২০খন খেলৰ অন্তত ভাৰতৰ অধিনায়ক ৰাহুলে ভিজাগত টছত জয়লাভ কৰে। আশা কৰা মতে তেওঁ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বলিং কৰি ভাল আৰম্ভণি কৰে টিম ইণ্ডিয়াই। প্ৰথম অভাৰতে অৰ্শদীপৰ বলত উভতি যায় অ’পেনাৰ ৰিকেল্টনে।

তাৰ পিছত অৱশ্যে দক্ষিণ আফ্ৰিকাই প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰে। অধিনায়ক বাভুমা আৰু ডি ককে ১১২ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে। বাভুমা আউট হোৱাৰ পিছতো ডি ককে ব্ৰিট্জকৰ সৈতে যুটী বান্ধে। সেই পাৰ্টনাৰশ্বিপত ৬৪ ৰান কৰিছিল। তেতিয়ালৈকে গড় ৬ ৰানৰ ওচৰ চাপিছিল।

ডি ককে শতক অৰ্জন কৰে। দেখা গৈছিল যে দক্ষিণ আফ্ৰিকাই কমেও ৩৫০ ৰান অতিক্ৰম কৰিব। তাৰ পিছত প্ৰসিদ্ধকৃষ্ণৰ দুৰ্দান্ত কামবেক। তেওঁ ডি কক আৰু মাৰ্কৰামক এটা অভাৰতে আউট কৰে। দুয়োজনেই আছিল প্ৰটিয়াছৰ বেটিঙৰ স্তম্ভ। ফলত দক্ষিণ আফ্ৰিকাৰ কঁকাল ভাঙি যায়।

তাৰ পাছত আৰম্ভ হ’ল কুলদীপৰ যাদু। তেওঁ ব্ৰেভিছ, জান্সেন, বছ আৰু এনগিডিক এটা এটাকৈ আউট কৰে। ইয়াৰে এটা অভাৰত তেওঁ দক্ষিণ আফ্ৰিকাৰ দুজন বিধ্বংসী বেটছমেন ব্ৰেভিছ আৰু জান্সেনক আউট কৰে। শেষত প্ৰটিয়াছ ২৭০ ৰানত অল আউট হয়। প্ৰসিদ্ধ আৰু কুলদীপে দুয়োজনে চাৰিটাকৈ উইকেট দখল কৰে।

ইয়াৰ উত্তৰত ভাৰতীয় অ’পেনিং যুটিয়ে ধীৰ গতিৰে আৰম্ভ কৰে। কিন্তু অষ্টম অভাৰৰ পিছত আৰম্ভ হয় ধুমুহা। এফালে ৰোহিত শৰ্মাই আনফালে যশস্বী জয়ছোৱাল দুয়োজনে প্ৰটিয়াৰ বলাৰক নিৰ্মমভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০ হাজাৰ ৰানৰ মাইলৰ খুঁটিত উপনীত হোৱা চতুৰ্থজন ভাৰতীয় হিচাপে পৰিগণিত হয় ৰোহিত শৰ্মা। তেওঁ ৭৩টা বলত ৭৫ ৰান কৰি আউট হয়।

ৰোহিতে শতক অৰ্জন কৰিবলৈ সক্ষম নহ’ল যদিও যশস্বৱীয়ে কোনো ভুল কৰা নাছিল। ভিজাগত তেওঁৰ কেৰিয়াৰৰ প্ৰথমটো এদিনীয়া শতক অৰ্জন কৰে। ৩ নম্বৰ স্থানত নমা কোহলীও পিছ পৰি থকা নাছিল। মাত্ৰ ৪৫টা বলত তেওঁ অপৰাজিত ৬৫ ৰান কৰে। বিৰাটৰ অনুৰাগীসকলৰ আক্ষেপ যে তেওঁ আৰু কেইটামান ৰান কৰাৰ সুযোগ পালে হয়তো আৰু এটা শতক দেখা গ’লহেঁতেন। শেষত টিম ইণ্ডিয়াই মাত্ৰ ১ টা উইকেট হেৰুৱাই  ৬১ টা বল খেলিবলৈ বাকী থকা অৱস্থাতে জয় সাৱ্যস্ত কৰে।

এই জয়ৰ ফলত টীম ইণ্ডিয়াই ৩খন মেচৰ শৃংখলাতো ২-১ ব্যৱধানত জয়লাভ কৰে। টেষ্ট শৃংখলাৰ হতাশাক পাহৰি এই ছিৰিজ জয়ে ভাৰতক কিছু পৰিমাণে উজ্জীৱিত কৰিব। এই শৃংখলা জয়ৰ লগে লগে ঘৰুৱা খেলপথাৰত হোৱাইট বল ক্ৰিকেটত অপৰাজিত হৈ থাকিল প্ৰশিক্ষক গৌতম গম্ভীৰ। ৪-৫ জন টপ অৰ্ডাৰ ক্ৰিকেটাৰ অবিহনে ভাৰতে যি ধৰণে শৃংখলা জয় কৰিলে সেয়া প্ৰশংসনীয়।

সংক্ষিপ্ত স্কোৰঃ

দক্ষিণ আফ্ৰিকাঃ ২৭০-১০ (ডি কক ১০৬, বাভুমা ৪৮, প্ৰসিদ্ধ ৪-৬৬, কুলদীপ ৪-৪১)

ভাৰতঃ ২৭১-১ (যশস্বী ১১৬, ৰোহিত ৭৫, বিৰাট ৬৫)

ভাৰতে ৯ উইকেটত জয়লাভ কৰে।