ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

পুটিনৰ সৈতে যাত্ৰাৰ বাবে মোদীয়ে কিয় বাছি ল’লে টয়’টা ফৰচুনাৰ গাড়ী? কি কয় বিশেষজ্ঞই?

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন শেহতীয়াকৈ ভাৰত ভ্ৰমণলৈ অহাৰ সময়ত এক অস্বাভাৱিক দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। দিল্লীৰ পালমা বিমান বন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰট’কল ভংগ কৰি পুটিনক আদৰণি জনাইছিল। কিন্তু আটাইতকৈ চৰ্চিত বিষয়টো আছিল পুটিনক বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীৰ আৱাসগৃহলৈ আদৰি নিবলৈ ব্যৱহাৰ কৰা বাহনখন। সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰেঞ্জ ৰ’ভাৰ বা মাৰ্চিডিজ বেঞ্জৰ নিচিনা বিলাসী আৰু উচ্চ নিৰাপত্তাৰ বাহন ব্যৱহাৰ কৰে, আৰু অন্য ৰাষ্ট্ৰপ্ৰধানসকল ভাৰতলৈ আহিলেও সেইবোৰ বাহনতে ভ্ৰমণ কৰা দেখা যায়। কিন্তু পুটিনৰ সৈতে মোদীয়ে এইবাৰ যাত্ৰা কৰিলে এখন বগা ৰঙৰ টয়’টা ফৰ্চুনাৰ চিগমা ৪ বাহনত।

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ৰেঞ্জ ৰ’ভাৰ বা মাৰ্চিডিজ-মেবেক এছ৬৫০ গাৰ্ডৰ পৰিৱৰ্তে এখন টয়’টা ফৰ্চুনাৰ বাছি লোৱাটোৱে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। চৰকাৰৰ ফালৰ পৰা এই বিষয়ে কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই যদিও বিশেষজ্ঞসকলে ইয়াৰ আঁৰত কূটনৈতিক কাৰণ থকা বুলি মন্তব্য কৰিছে।

ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, পুটিনৰ সৈতে টয়’টা ফৰ্চুনাৰত যাত্ৰা কৰাটো এক ইচ্ছাকৃত কূটনৈতিক পদক্ষেপ হ’ব পাৰে। তেওঁলোকৰ বিশ্লেষণ অনুসৰি:

ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ ভাৰত আৰু ৰাছিয়া দুয়োখন দেশে পশ্চিমীয়া দেশসমূহৰ হেঁচাত থকাৰ সময়ত এই সিদ্ধান্ত লোৱা হ‘ল। বৰ্তমান মোদীয়ে ব্যৱহাৰ কৰা ৰেঞ্জ ৰ’ভাৰ ব্ৰিটেইনত নিৰ্মিত (যদিও টাটা মটৰছৰ মালিকানাধীন) আৰু মাৰ্চিডিজ বেঞ্জ হৈছে জাৰ্মান ব্ৰেণ্ড। ইউক্ৰেইন যুদ্ধত ব্ৰিটেইন আৰু জাৰ্মানী দুয়োখন দেশে ৰাছিয়াৰ বিৰুদ্ধে থিয় দিছে আৰু ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰৰে সহায় কৰাৰো অভিযোগ আছে। এনে পৰিস্থিতিত সেই দেশ দুখনৰ ব্ৰেণ্ডৰ বাহন ব্যৱহাৰ নকৰি জাপানী ব্ৰেণ্ডৰ বাহন বাছি লোৱাটোৱে পশ্চিমীয়া দেশসমূহলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰাৰ ইংগিত দিয়ে।

টয়’টা হৈছে জাপানীজ ব্ৰেণ্ড। গাড়ীৰ বজাৰৰ ওপৰত সমগ্ৰ বিশ্বৰ চকু থকাৰ সময়ত জাপানী ব্ৰেণ্ড বাছি লোৱাটোৱে গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজত থকা বুজাবুজিকে সূচাইছে বুলি মন্তব্য কৰা হৈছে।

টয়’টা জাপানীজ ব্ৰেণ্ড হ’লেও প্ৰধানমন্ত্ৰী মোদীৰ ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ জৰিয়তে কৰ্ণাটকত টয়’টাৰ নতুনকৈ গাড়ী নিৰ্মাণৰ প্ৰকল্প নিৰ্মাণ কৰা হৈছে। সেই দৃষ্টিকোণৰ পৰাও এই বাহনখন বাছি লোৱাটো তাৎপৰ্যপূৰ্ণ।

পুটিন আৰু মোদীয়ে যাত্ৰা কৰা ফৰ্চুনাৰ চিগমা ৪ বাহনত মহাৰাষ্ট্ৰৰ পঞ্জীয়নৰ নম্বৰ প্লেট লগোৱা আছিল। নিৰাপত্তাৰ দিশটোৰ বাবে এই বাহন বাছি লোৱা হৈছিল নে সম্পূৰ্ণ কূটনৈতিক কাৰণত, সেই বিষয়ে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই।