ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

বাৰাণসীত বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত ৰে’লৱেৰ ৩.৩৮ কোটি টকা ব্যয়, বিৰোধীৰ সমালোচনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লোকসভা সমষ্টি বাৰাণসীত ২০২৫ চনৰ ৮ নৱেম্বৰত চাৰিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ উদ্বোধনী অনুষ্ঠানত উত্তৰ-পূব ৰে’লৱেৰ বাৰাণসী সংমণ্ডলে ৩ কোটি ৩৭ লাখ টকা ব্যয় কৰে। এক তথ্য জনাৰ অধিকাৰ (আৰ টি আই) আবেদনৰ উত্তৰত এই তথ্য প্ৰকাশ পাইছে।

আৰ টি আই কৰ্মী অজয় ​​বাসুদেৱ বসুৱে দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই উত্তৰ-পূব ৰেলৱে, বাৰাণসী সংমণ্ডলে এই বৃহৎ ব্যয়ৰ কথা সদৰি কৰে। বিভাগটোৱে নিশ্চিত কৰে যে এই ধনৰাশি সম্পূৰ্ণৰূপে কেৱল “উদ্বোধনী অনুষ্ঠান”ৰ বাবে ব্যয় কৰা হৈছিল।

আৰ টি আইৰ তথ্য অনুসৰি, ২০১৯ চনৰ ১৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ (দিল্লীৰ পৰা বাৰাণসীলৈ) ফ্লেগ অফ কৰোঁতে চৰকাৰে মাত্ৰ ৫২ লাখ টকা খৰচ কৰিছিল। ছয় বছৰৰ পাছত, বাৰাণসীৰ এই শেহতীয়া উদ্বোধনী অনুষ্ঠানত ব্যয় ৬.৫ গুণ বৃদ্ধি পাইছে।

২০২৫ চনত চাৰিখন ৰে’ল উদ্বোধনৰ বাবে মুঠ ৩.৩৮ কোটি টকা ব্যয় হোৱাৰ অৰ্থ হ’ল প্ৰতিখন ৰে’লত ৮৪.৫ লাখ টকা খৰচ হৈছে। একক ৰে’লৰ উদ্বোধনী খৰচৰ হিচাপত এয়া ২০১৯ চনৰ খৰচতকৈ প্ৰায় ১.৬ গুণ বেছি ব্যয়বহুল।

কিন্তু বাৰাণসী সংমণ্ডলে আৰ টি আইৰ সঁহাৰিত এই ৩.৩৮ কোটি টকাৰ ব্যয়ৰ কোনো সবিশেষ তথ্য দিয়া নাই। কেৱল মুঠ ৰাশিটোহে দিয়া হৈছে। ইয়াৰ ফলত প্ৰশ্ন উত্থাপন হৈছে যে সজ্জাৰ কাম কোনটো কোম্পানীক দিয়া হৈছিল? নিৰাপত্তা, সংবাদ মাধ্যমৰ ব্যৱস্থা, লজিষ্টিক আৰু অন্যান্য ব্যৱস্থাত কিমান খৰচ হৈছিল?

ব্যয়ৰ সবিশেষ তথ্য নথকা স্বত্বেও, ২০২৩ চনৰ ৮ এপ্ৰিলত দক্ষিণ ৰে’লৱেৰ চেন্নাই বিভাগে প্ৰদান কৰা এটা পূৰ্বৰ পৰিসংখ্যাই এনে অনুষ্ঠানৰ বাবে হোৱা সাধাৰণ ব্যয়ৰ ধাৰণা দিয়ে।

চেন্নাই-কইম্বাটুৰ বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত মুঠ ১.১৪ কোটি টকা ব্যয় হৈছিল। ইয়াৰ ভিতৰত ১.০৫ কোটি টকা কেৱল ইভ’ক মিডিয়া নামৰ এক ব্যক্তিগত ইভেণ্ট মেনেজমেণ্ট কোম্পানীক দিয়া হৈছিল, যিটো মুঠ ব্যয়ৰ ৯২%। যদি বাৰাণসীৰ ক্ষেত্ৰতো অনুপাত একে হয়, তেন্তে কেৱল ইভেণ্ট মেনেজমেণ্টৰ বাবেই ৩ কোটিতকৈ অধিক টকা খৰচ হ’লহেঁতেন।

মন কৰিবলগীয়া যে ৩.৩৮ কোটি টকা কেৱল “উদ্বোধন” অৰ্থাৎ মঞ্চৰ ব্যৱস্থা, সজ্জা, আতিথ্য আদিৰ বাবে হোৱা খৰচহে আছিল। এই সংখ্যাত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ খৰচ অন্তৰ্ভুক্ত নহয়।