ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

পুটিনৰ ভাৰত ভ্ৰমণক লৈ আমেৰিকাৰ ক্ষোভৰ সম্ভাৱনা! মন্ত্ৰী জয়শংকৰৰ স্পষ্ট বাৰ্তা: “ভেটোৰ অধিকাৰ কাৰো নাই”

বিশ্বৰ যিকোনো দেশৰ সৈতে ভাৰতে সুসম্পৰ্ক বজাই ৰাখিব পাৰে আৰু এই ক্ষেত্ৰত নতুন দিল্লীৰ কৌশলগত স্বাধীনতা আছে। আমেৰিকা বা আন কোনো দেশে ইয়াক ৰোধ কৰিব নোৱাৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ শেহতীয়া ভাৰত ভ্ৰমণৰ পিছতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এই স্পষ্ট বাৰ্তা প্ৰদান কৰে।

বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে পুটিন ভাৰতত উপস্থিত হয় আৰু তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰে। প্ৰশাসনিক সূত্ৰ অনুসৰি, দুয়োখন ৰাষ্ট্ৰৰ মুৰব্বীয়ে দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আলোচনা কৰে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা চলে।

শেহতীয়াকৈ ডনাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধকে ধৰি বিভিন্ন ঘটনাৰ বাবে ভাৰত-আমেৰিকাৰ সম্পৰ্ক কিছু অৱনতি ঘটিছে। এই পৰিৱেশত পুটিনৰ ভাৰত ভ্ৰমণে আমেৰিকাৰ সৈতে সম্পৰ্কৰ অধিক অৱনতি ঘটাবনে নাই, এই প্ৰশ্ন সংবাদ মাধ্যমৰ এক অনুষ্ঠানত জয়শংকৰক সোধা হৈছিল।

ইয়াৰ উত্তৰত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ যিমানেই দেশৰ সৈতে ভাৰতে সুসম্পৰ্ক বজাই ৰাখে সিমানেই ভাল। ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ভাৰতৰ স্থিতি অধিক শক্তিশালী হব। তেওঁৰ মতে, “ৰাছিয়া, চীন বা ইউৰোপীয় দেশৰ সৈতে সম্পৰ্ক কেতিয়াবা উন্নত হৈছে আৰু কেতিয়াবা অৱনতি ঘটিছে। কিন্তু ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক কেতিয়াও বেয়া হোৱা নাই। ভাৰতীয়ৰ ৰাছিয়াৰ প্ৰতি আকৰ্ষণ আছে।”

প্ৰসংগক্ৰমে, আমেৰিকাই দীৰ্ঘদিন ধৰি ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতে কম মূল্যত ৰাছিয়াৰ তেল ক্ৰয় কৰাত আপত্তি উত্থাপন কৰি আহিছে। এই বিষয়ৰ উদ্ধৃতি দি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পেও ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰু জৰিমনা আৰোপ কৰিছে, যাৰ বাবে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সৰ্বনিম্ন স্তৰত উপনীত হৈছে। এনে পৰিস্থিতিত, ৱাশ্বিংটনে ভাৰতে ৰাছিয়াৰ ওচৰলৈ যোৱাৰ প্ৰতি অনুকূল দৃষ্টি নিক্ষেপ নকৰে বুলি আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক পৰ্যবেক্ষকসকলে প্ৰকাশ কৰিছে।

অৱশ্যে, জয়শংকৰে কয় যে ভাৰতে আমেৰিকাৰ সৈতে বাণিজ্যিক আলোচনাও অব্যাহত ৰাখিছে। নতুন দিল্লীয়ে ইয়াত কোনো সুৰুঙা এৰি দিয়া নাই। কেৱল সেয়াই নহয়, বৈদেশিক মন্ত্ৰীয়ে ইংগিত দিছে যে আমেৰিকাৰ সৈতে অতি সোনকালে বাণিজ্যিক চুক্তি স্বাক্ষৰিত হব পাৰে। তেওঁৰ ভাষাত, “আমেৰিকাৰ সৈতে সম্পৰ্কত বাণিজ্যই আচল বিষয়। আমেৰিকাইও তেনেকৈয়ে ভাবে। দুয়োখন দেশ যাতে লাভান্বিত হয় তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।”

কিন্তু এই সকলোবোৰৰ সমান্তৰালকৈ জয়শংকৰে এই কথাও স্পষ্ট কৰি দিছে যে ভাৰতে নিজৰ স্বাৰ্থ অক্ষুণ্ণ ৰাখিব।