ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ইণ্ডিগোৰ যাত্ৰীৰ দুৰ্দশাৰ বিষয় পালেগৈ উচ্চতম ন্যায়ালয়; সংস্থাৰ দাবী-স্বাভাৱিক হোৱাৰ পথত পৰিসেৱা

ইণ্ডিগোৰ অচলাৱস্থা পঞ্চম দিনলৈ অব্যাহত আছে। শনিবাৰে সমগ্ৰ দেশতে বহুকেইখন বিমান বাতিল কৰা হয়। একেৰাহে চাৰিদিন ধৰি চলি থকা বিশৃংখলতাৰ মাজতে কেৱল শুকুৰবাৰেই হাজাৰৰো অধিক বিমান বাতিল কৰা হয়। সেইদৰে, বৃহস্পতিবাৰে ৫৫০ৰো অধিক বিমান বাতিল কৰা হৈছিল। ফলত যাত্ৰীসকলৰ দুখ-দুৰ্দশা কুলাই পাচিয়ে নধৰা হৈছে।

ইপিনে, দিল্লী বিমানবন্দৰে ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ দাবী কৰিছে। শনিবাৰে পুৱা জাৰি কৰা নিৰ্দেশনাত কৰ্তৃপক্ষই যাত্ৰীসকলক তেওঁলোকৰ বিমানৰ অৱস্থা আগতীয়াকৈ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। দীঘলীয়া শাৰীৰ চাপ কমোৱাৰ বাবে বিমানবন্দৰ অপাৰেটৰসকলে বুকিংৰ সময় পৰীক্ষা কৰাত গুৰুত্ব আৰোপ কৰিছে।

আনহাতে, ইণ্ডিগোৰ এই বিপৰ্যয়ত ক্ষতিগ্ৰস্ত যাত্ৰীসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থৰ গোচৰ (পিআইএল) দাখিল কৰা হৈছে। আৱেদনত মুখ্য ন্যায়াধীশৰ হস্তক্ষেপ বিচৰা হৈছে।

আবেদনখনত আদালতক নিজাববীয়াকৈ নিৰীক্ষণ আৰম্ভ কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু লগতে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ক বিশদ অৱস্থাৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে আবেদন জনোৱা হৈছে। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি তাৎক্ষণিক শুনানিৰ বাবে বিশেষ বিচাৰপীঠ গঠনৰো দাবী জনাইছে।

ইতিমধ্যে ডিজিচিএই কয় যে ইণ্ডিগ’ৰ ভুল হিচাপ আৰু নতুন পাইলট ডিউটি-আৱাৰ ৰুলছ (এফডিটিএল) কাৰ্যকৰী কৰাৰ পৰিকল্পনাৰ অভাৱৰ বাবেই এই বৃহৎ অস্থিৰতাৰ সৃষ্টি হৈছে। নিয়ন্ত্ৰণ সংস্থাটোৱে ধাৰণা কৰে যে কোম্পানীটোৱে প্ৰয়োজনীয় পাইলটৰ সংখ্যা সঠিকভাৱে অনুমান কৰিব নোৱাৰাটোৱেই সংকটটোক চৰম পৰ্যায়লৈ ঠেলি দিছে।

কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে সমগ্ৰ ঘটনাৰ বাবে বিমান সংস্থাটোকে জগৰীয়া কৰিছে। তেওঁ স্পষ্টভাৱে কৈছে যে দোষী কোন সেইটোত কোনো সন্দেহ নাই। সমস্যাৰ উৎস ইণ্ডিগো নিজেই। আন কোনো বিমান সংস্থাই এনে সংকটৰ সন্মুখীন হোৱা নাই।

মন্ত্ৰীগৰাকীয়ে কয় যে ১ নৱেম্বৰৰ পৰা নতুন ফ্লাইট ডিউটি ​​টাইম লিমিটেশ্যন (এফডিটিএল) গাইডলাইন কাৰ্যকৰী হৈছে। কিন্তু স্পাইচজেট, এয়াৰ ইণ্ডিয়া, ভিষ্টাৰ— আন কোনো বিমান সংস্থাত ইমান অস্থিৰতা দেখা পোৱা নাই।

ইণ্ডিগ’ৰ চিইঅ’ পিটাৰ এলবাৰ্ছে অৱশ্যে ইতিমধ্যে এক বিশেষ বাৰ্তা প্ৰেৰণ কৰি ক্ষমা বিচাৰিছে। তেওঁ কয় যে তেওঁলোকে ১০ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰিব বুলি আশা কৰিছে।

এলবাৰ্ছে লগতে কয় যে ইণ্ডিগ’ৰ বিশাল নেটৱৰ্ক, সূচী আৰু ক্ৰু কাৰ্য্যকলাপৰ জটিলতা বিবেচনা কৰি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ কিছু সময় লাগিব।