ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ইণ্ডিগোৰ বিমান বাতিল: ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিজৰ অভ্যৰ্থনাত অংশগ্ৰহণ কৰিলে দম্পত্তীয়ে

কৰ্ণাটকৰ হুবল্লীৰ গুজৰাট ভৱনত এক অভূতপূৰ্ব দৃশ্য দেখা গ‘ল, য’ত নৱবিবাহিত দম্পতীয়ে ইণ্ডিগো বিমান বাতিলৰ ফলত নিজৰ অভ্যৰ্থনা অনুষ্ঠানত শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰাত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিবলগীয়া হয়। দেশজুৰি চলি থকা পাইলটৰ নাটনিৰ বাবে বিমান সেৱা বাতিল হোৱাৰ ফলত বেংগালুৰুস্থিত চফটৱেৰ ইঞ্জিনিয়াৰ মেধা ক্ষীৰ্সাগৰ আৰু সংগম দাস বহু দূৰত আৱদ্ধ হৈ পৰে।

হুবল্লীৰ মেধা আৰু ওড়িশাৰ ভুৱনেশ্বৰৰ সংগমৰ বিবাহ ২৩ নৱেম্বৰত ভুৱনেশ্বৰত সম্পন্ন হৈছিল। বুধবাৰে, ৩ ডিচেম্বৰত কইনাৰ গৃহ চহৰ হুবল্লীত আনুষ্ঠানিক অভ্যৰ্থনাৰ আয়োজন কৰা হৈছিল।

দম্পতীহালে ২ ডিচেম্বৰৰ বাবে ভুৱনেশ্বৰৰ পৰা বেংগালুৰু আৰু তাৰ পৰা হুবল্লীলৈ ইণ্ডিগৰ বিমানৰ টিকট বুক কৰিছিল। কিন্তু মঙলবাৰে পুৱা ৯ বজাৰ পৰা বিমানৰ সময় বাৰে বাৰে পিছুৱাই দিয়া হয়। প্ৰায় ২০ ঘণ্টা পলমৰ পিছত অৱশেষত ৩ ডিচেম্বৰৰ পুৱা ৪ বজাত বিমানখন সম্পূৰ্ণৰূপে বাতিল কৰা হয়। ভুৱনেশ্বৰ-মুম্বাই-হুবল্লী পথেৰে অহা কেইবাজনো আত্মীয়য়ো একে ধৰণৰ বাতিলৰ সন্মুখীন হয়।

ইফালে অভ্যৰ্থনাৰ বাবে আলহীসকল গোট খাইছিল আৰু সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ আছিল। এই পৰিস্থিতিত, অনুষ্ঠান বাতিল কৰাটো অসম্ভৱ হৈ পৰাত কইনাৰ পিতৃ-মাতৃয়ে এক বিশেষ সিদ্ধান্ত লয়।

কইনাৰ পিতৃয়ে কয়, “আমি ইমান আত্মীয়ক আমন্ত্ৰণ জনাইছিলো যে শেষ মুহূৰ্তত অনুষ্ঠানটো বাতিল কৰিব নোৱাৰিলোঁ। গতিকে পৰিয়াল হিচাপে আলোচনা কৰি আমি সিদ্ধান্ত ল’লোঁ যে দম্পতীহালে অনলাইনযোগে অভ্যৰ্থনাত উপস্থিত থাকিব আৰু পৰ্দাত তেওঁলোকৰ অংশগ্ৰহণ প্ৰদৰ্শন কৰা হ’ব।”