যোৱা ৭৫ দিন ধৰি তেজপুৰ বিশ্ববিদ্যালয়ত অব্যাহত থকা ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীসকলৰ আন্দোলনক সমৰ্থন জনাই অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি তথা বুদ্ধিজীৱীয়ে ৰাইজক সক্ৰিয় সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছে।
তেওঁলোকৰ মূল দাবীসমূহ হৈছে— দুৰ্নীতিগ্ৰস্ত উপাচাৰ্য শম্ভুনাথ সিঙক অপসাৰণ কৰা, দুৰ্নীতিৰ তদন্ত কৰা, আৰু এখন পূৰ্ণ পৰ্যায়ৰ নিৰ্বাচিত ছাত্ৰ সংসদ গঢ়ি তোলা।
বিবৃতিটোত কোৱা হৈছে , “তেজপুৰ বিশ্ববিদ্যালয় অসমৰ জাতীয় সম্পদ। অসমৰ ৰাইজৰ ত্যাগৰ বিনিময়ত এই বিশ্ববিদ্যালয়খন স্থাপিত হৈছে। কিন্তু উপাচাৰ্য শম্ভুনাথ সিঙৰ ভয়ংকৰ দুৰ্নীতি আৰু জালিয়াতিৰ বাবে বিশ্ববিদ্যালয়খন আজি ধ্বংসৰ গৰাহলৈ আগবাঢ়িছে। ইয়াৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী একেলগে মাৰ বান্ধি ওলাই আহিছে।”
বিশিষ্ট ব্যক্তিসকলে আঙুলিয়াই দিছে যে তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্দোলনৰ লগত অসমৰ ৰাজহুৱা শিক্ষা আৰু জাতীয় সম্পদ ৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয় জড়িত হৈ আছে। তেওঁলোকে অভিযোগ কৰে যে বৰ্তমানৰ চৰকাৰে শৈক্ষিক প্ৰশাসনৰ কোনো জ্ঞান নথকা অযোগ্য আৰু আত্মগৰ্বী মানুহক বিশ্ববিদ্যালয়ৰ দৰে উচ্চস্তৰৰ ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ শীৰ্ষ পদত নিযুক্তি দি অসমৰ শিক্ষা-সংস্কৃতিক ৰসাতললৈ নি আছে।
বিবৃতিটোত স্পষ্ট কৰি দিয়া হৈছে যে, “ৰাইজৰ নি:স্বাৰ্থ সবল প্ৰতিবাদেহে এই উদ্বেগজনক ঘটনাৰ অৱসান ঘটাব পাৰে।” সেয়েহে, তেওঁলোকে অশেষ কষ্টৰ বিনিময়ত চলাই নিয়া আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ লগতে অসমৰ ৰাইজলৈ এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়।”
এই আহ্বান জনোৱা বিশিষ্ট ব্যক্তিসকল হৈছে, ড° হীৰেন গোহাঁই, অজিত কুমাৰ ভূঞা, জন ইংতি কাথাৰ, মনোৰমা শৰ্মা, অপূৰ্ব কুমাৰ বৰুৱা, কল্যাণী বৰুৱা, প্রদীপ বৰুৱা, প্রণৱ তালুকদাৰ, মাধুৰিমা চৌধুৰী তালুকদাৰ, ৰবীন দত্ত, প্ৰণৱ জ্যোতি ডেকা, ইন্দ্রানী দত্ত, শান্তনু বৰঠাকুৰ, পৰেশ মালাকাৰ, মহাদেব পূজাৰী, মইনা গোস্বামী, সুৰেশ কলিতা, হীৰেন বৰা, ভবেন বৰা, ৰশ্মি গোস্বামী, শান্তিকাম হাজৰিকা, দিলীপ বৰা, জুনু বৰা, অসমী গগৈ, দেৱেন তামুলী, কে. পি. শৰ্মা, দীপক গোস্বামী, বিক্রম হান্সে, প্রণৱ দলে, সুব্ৰত তালুকদাৰ আৰু শংকৰ শইকীয়া।
