তিনি দশক ধৰি মহিলাৰ অধিকাৰৰ বাবে যুঁজি অহা বেচৰকাৰী সংগঠন নৰ্থইষ্ট নেটৱৰ্কৰ উদ্যোগত আজি গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়স্থিত কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কৰ্মস্থানত মহিলাৰ সুৰক্ষা আৰু মৰ্যাদা বিষয়ক আলোচনা সম্পন্ন হয়।

২০১৩ চনত বলৱৎ হোৱা কর্মস্থানত মহিলাৰ ওপৰত যৌন উৎপীড়ন (প্ৰতিৰোধ, নিষিদ্ধকৰণ আৰু প্ৰতিকাৰ) আইনখনৰ সজাগতা আৰু সচেতনতা সম্পৰ্কে আলোচনা কৰা হয়।
বিশিষ্ট অভিনয়কৰ্মী পাপৰি মেধিয়ে এটা সজাগতামূলক প্ৰদৰ্শনেৰে অনুষ্ঠানটোৰ আৰম্ভণি কৰি কর্মস্থানত মহিলাৰ ওপৰত হোৱা যৌন উৎপীড়নৰ বিষয়টো সম্বোধন কৰে।
ইয়াৰ পাছতে নৰ্থইষ্ট নেটৱৰ্কৰ ৰাজ্যিক সমন্বয়ক ৰশ্মিৰেখা বৰাই ২৫ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ হোৱা লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে সক্ৰিয়তাৰ ১৬টা দিন সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱাৰ লগতে নিজৰ অভিজ্ঞতা শ্ৰোতা-দৰ্শকৰ আগত ব্যক্ত কৰে।
ইয়াৰ পাছত বিশিষ্ট লেখক, সাংবাদিক সবিতা লহকৰে কৰ্মস্থলীত মহিলাই সন্মুখীন হোৱা সমস্যা আৰু ইয়াৰ লগত জড়িত সমস্যৰ বিষয়ে অৱগত কৰে। তদুপৰি নৰ্থইষ্ট নেটৱৰ্কৰ কাৰ্যবাহী সঞ্চালক অনুৰীতা পাঠকে সকলোকে উদ্দেশ্যি ২০১৩ চনত বলৱৎ হোৱা কর্মস্থানত মহিলাৰ ওপৰত যৌন উৎপীড়ন (প্ৰতিৰোধ, নিষিদ্ধকৰণ আৰু প্ৰতিকাৰ) আইনখনৰ বিষয়ে অৱগত কৰোৱাৰ লগতে দুখনকৈ তথ্যচিত্ৰ প্ৰদৰ্শন কৰে। সৰ্বশেষত নাট্যকৰ্মী ৰবিজিতা গগৈৰ ভাষণেৰে অনুষ্ঠানৰ সামৰণি পৰে। সামৰণিৰ পূৰ্বে দৰ্শকৰ মাজৰ পৰা যৌন উৎপীড়ন (প্ৰতিৰোধ, নিষিদ্ধকৰণ আৰু প্ৰতিকাৰ) আইন ২০১৩-ৰ বিষয়ে বিভিন্ন মতামত লোৱাৰ লগতে ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আলোচনা কৰা হয়। য’ত বিভিন্নজনে নিজৰ মতামত ব্যক্ত কৰে।
অনুষ্ঠানটোত বিভিন্ন বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি, সাংবাদিক, মানৱাধিকাৰ কৰ্মী, শিল্পী, গৱেষক শিক্ষাৰ্থী উপস্থিত থাকে।
