আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰভাৱশালী বাতৰি কাকত ‘নিউয়ৰ্ক টাইমছে’ আমেৰিকাৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যালয় পেন্টাগনৰ বিৰুদ্ধে গোচৰ তৰিছে।
বাতৰি কাকতখনে নতুন ৰিপোৰ্টিং নিষেধাজ্ঞাৰ বাবে বৃহস্পতিবাৰে এই গোচৰ দাখিল কৰে। নিউয়ৰ্ক টাইমছে জনাইছে যে এই নতুন নীতিয়ে তেওঁলোকৰ সাংবাদিকসকলৰ সাংবিধানিক অধিকাৰ উলংঘা কৰিছে।
যোৱা অক্টোবৰ মাহৰ পৰা কাৰ্যকৰী হোৱা এই নিষেধাজ্ঞা অনুসৰি, সাংবাদিকসকলে এখন চুক্তিপত্ৰত চহী কৰিব লাগিব, য’ত উল্লেখ থাকিব যে তেওঁলোকে অনুমোদনবিহীন কোনো তথ্য সংগ্ৰহ নকৰে।
তদুপৰি, বিষয়াসকলৰ উপস্থিতি অবিহনে নিৰ্দিষ্ট কিছুমান স্থানত সাংবাদিকসকলৰ প্ৰৱেশতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে— যিটো আগৰ নিৰ্দেশনাৰ তুলনাত এক ডাঙৰ সালসলনি।
দ্য গাৰ্ডিয়ান, দ্য ৱাশ্বিংটন পোষ্ট, চিএনএন, ৰয়টাৰ্ছ, এছোচিয়েটেড প্ৰেছ, এনপিআৰকে ধৰি একাধিক আমেৰিকান সংবাদ মাধ্যমে এই নতুন চৰ্তত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰিছে।
নিউয়ৰ্ক টাইমছে আদালতত আবেদন জনাইছে যাতে পেন্টাগনক এই নীতি বলৱৎ কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হয়।
বাতৰি কাকতখনে কৈছে যে যেতিয়াই কোনো প্ৰশাসনে গণমাধ্যমক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে, তেতিয়াই তেওঁলোকে তাক আইনী যুঁজৰ জৰিয়তে প্ৰতিহত কৰিছে আৰু ভৱিষ্যতেও কৰিব।
