ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ৰক্তচাপ স্বাভাৱিক থাকিলেও হ’ব পাৰে হার্ট এটেক; সুস্থ হৈ থাকিবলৈ আৰু কি কি কথাত গুৰুত্ব দিব?

এজন সুস্থ মানুহৰ ৰক্তচাপ কিমান থকা উচিত? বহুলোকেই এক কথাত উত্তৰ দিব – ১২০/৮০। অৱশ্যে এই ক্ষেত্ৰত যদি mmHg (তেজৰ চাপ জোখাৰ একক) সামান্য কমো হয়, তেতিয়াও চিন্তাৰ বিশেষ কাৰণ নাথাকে। অৰ্থাৎ, কাৰোবাৰ ৰক্তচাপ যদি ১১৫/৭৬ হয়, তেন্তে ইয়াক স্বাভাৱিক বুলি গণ্য কৰা হয়। কিন্তু এই কথা শুনিয়েই নিশ্চিন্ত হোৱাৰ কোনো কাৰণ নাই। কিয়নো, ৰক্তচাপ স্বাভাৱিক থাকিলেও হার্ট এটেক হ’ব পাৰে।

ৰক্তচাপ কিমান থাকিলে স্বাভাৱিক?

এয়া সঁচা যে, ৰক্তচাপ বেছি থাকিলে, ই হার্ট এটেক বা কাৰ্ডিয়াক এৰেষ্টৰ বিপদ কেইবা গুণো বঢ়াই দিয়ে। কিন্তু ৰক্তচাপেই একমাত্র কাৰণ নহয়। সাধাৰণতে কোনো এজন ব্যক্তিৰ ৰক্তচাপ ১০০/৬৫ পৰা ১২০/৮০ mmHg ৰ ভিতৰত থাকে। কিন্তু এই স্বাভাৱিক পৰিসৰৰ ভিতৰত ৰক্তচাপ থাকিলেও, হার্ট এটেক হ’ব পাৰে।

কি কি কাৰণত হার্ট এটেক হয়?

  • হার্ট এটেক সদায় কেৱল ৰক্তচাপৰ ওপৰত নিৰ্ভৰ নকৰে। পুৰণি কোনো হৃদৰোগৰ সমস্যা থাকিলে, উচ্চ কলেষ্টেৰল, ধুমপান, মানসিক চাপ, ডায়েবেটিছ বা পাৰিবাৰিক ইতিহাসৰ বাবেও ই হ’ব পাৰে।
  • সুস্থ হৈ থাকিবলৈ হ’লে, নিৰাপদে থাকিবলৈ চেষ্টা কৰাটোৱেই বুদ্ধিমানৰ কাম। সেই ক্ষেত্ৰত, হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবলৈ বেছিকৈ ফল, শাক-পাচলি আৰু গোটা শস্য খোৱা, ভজা বা তেলীয়া খাদ্য এৰাই চলা উচিত। নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰা বা ব্যায়াম কৰা, ভাল টোপনি অতি গুৰুত্বপূৰ্ণ। উশাহ-নিশাহৰ সমস্যা থাকিলে প্ৰাণায়াম কৰক। ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক।
  • মনত ৰাখিব, উচ্চ ৰক্তচাপ হৃদৰোগৰ কাৰণসমূহৰ মাজত এক অংশহে মাথোঁ। আচলতে জীৱনশৈলী আৰু খাদ্যভ্যাসৰ প্ৰভাৱ শৰীৰত পৰে। বিশেষকৈ বিপাকীয় হাৰৰ ওপৰত। যিয়ে ধমনীত কলেষ্টেৰল জমা হোৱাৰ দৰে সমস্যাৰো পৰোক্ষ কাৰণ হৈ থিয় দিয়ে।
  • সুস্থ জীৱনশৈলীয়েই শেষ কথা নহয়। বহু সময়ত দেখা যায় নিয়মীয়াকৈ ব্যায়াম কৰি, স্বাস্থ্যসন্মত খাদ্য খাই, স্বাভাৱিক ৰক্তচাপ বজাই ৰখাৰ পিছতো হার্ট এটেক হৈছে। ইয়াৰ আঁৰত নীৰৱে বাঢ়ি যোৱা কলেষ্টেৰল বা প্ৰদাহ থাকিব পাৰে। সেয়ে সময়ে সময়ে লিপিড প্ৰফাইল আৰু ইচিজিৰ দৰে সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰোৱা উচিত।

সুস্থ হৈ থাকিবলৈ তেজৰ চাপৰ উপৰিও আৰু কি কি কথাত গুৰুত্ব দিব?

কলেষ্টেৰল, তেজৰ শৰ্কৰাৰ মাত্ৰা, ওজন আৰু মানসিক চাপ নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন। এই প্ৰত্যেকটো বিষয়ে হার্ট এটেকৰ কাৰণ হ’ব পাৰে।

অসম্ভৱ মানসিক চাপ, টোপনিৰ অভাৱ, বা আন কোনো কাৰণে কৰ্টিছলৰ দৰে ষ্ট্ৰেছ হৰমোনৰ নিঃসৰণৰ মাত্ৰা বঢ়াই দিব পাৰে। যিয়ে হৃদযন্ত্ৰৰ কাৰ্যকলাপত প্ৰভাৱ পেলায়। বেছি ভাগৰ অনুভৱ কৰা, দাঁত বা পিঠিত বিষ হ’লেও কিন্তু সতৰ্ক হ’ব লাগিব। বহুদিন ধৰি এনে বিষ আওকাণ কৰা উচিত নহয়।

নিয়মিত ৰুটিন কেনেকুৱা হোৱা প্ৰয়োজন?

  • বেছিভাগ দিনত ৩০-৪০ মিনিটৰ বাবে শাৰীৰিক ক্ৰিয়াকলাপ কৰক। ব্যায়াম হ’ব পাৰে, প্ৰাণায়ামো হ’ব পাৰে। আকৌ খেল-ধেমালিও কৰিব পাৰে।
  • ফলমূল, শাক-পাচলি আৰু ফাইবাৰ সমৃদ্ধ খাদ্য বেছিকৈ খাওক। প্ৰক্ৰিয়াজাত আৰু ভজা খাদ্যৰ পৰিমাণ কমাই দিয়ক।
  • ধূমপান প্ৰথমে ত্যাগ কৰক। মদ্যপান সীমিত কৰিব পাৰে। কিন্তু টোপনি অত্যন্ত গুৰুত্বপূৰ্ণ।
  • হৃদৰোগৰ পাৰিবাৰিক ইতিহাস থাকিলে ৩৫ বছৰ বয়সৰ পিছত বছৰত এবাৰকৈ হৃদযন্ত্ৰ পৰীক্ষা কৰাওক।
  • মানসিক চাপ কমাই দিয়ক। শান্ত মন আৰু ধাৰাবাহিক জীৱনশৈলীয়ে আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ চাবি-কাঠী।