মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল তথা জ্যেষ্ঠ অধিবক্তা স্বৰাজ কৌশলৰ বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ।
বিজেপিৰ প্ৰসিদ্ধ নেত্ৰী প্ৰয়াত সুষমা স্বৰাজৰ স্বামী আৰু নতুন দিল্লীৰ সাংসদ বনছুৰী স্বৰাজৰ পিতৃ আছিল স্বৰাজ কৌশল।
বিজেপি দলে এক বাৰ্তাত কয়, ‘আমি দুখিত যে মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল তথা জ্যেষ্ঠ অধিবক্তা স্বৰাজ কৌশলৰ আকস্মিক মৃত্যু ঘটিছে।’
এগৰাকী বিজেপি নেতাই জানিবলৈ দিয়া মতে, দুপৰীয়া বুকুৰ বিষ অনুভৱ হোৱাৰ পিছত তেওঁক ততাতয়াকৈ এইমছলৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
লোধী ৰোড শ্মশানত কৌশলক শেষকৃত্য সম্পন্ন কৰা হ’ব বুলিও জানিবলৈ দিয়ে।
বনছুৰী স্বৰাজে এক্সত আৱেগিক পোষ্ট এটাত কয় যে তেওঁৰ পিতৃৰ মৰম, অনুশাসন, সৰলতা, দেশপ্ৰেম আৰু অপৰিসীম ধৈৰ্য্য তেওঁৰ জীৱনলৈ পোহৰ কঢ়িয়াই আনিছে যিটো কেতিয়াও নিষ্প্ৰভ হৈ নাযায়।
নতুন দিল্লীৰ বিজেপি সাংসদগৰাকীয়ে কয়, ‘আপোনাৰ বিদায়ে আমাৰ ওপৰত নমাই আনিছে হৃদয়ৰ আটাইতকৈ গভীৰ যন্ত্ৰণা, তথাপিও মনটো এই বিশ্বাসত ধৰি ৰাখিছো যে আপুনি এতিয়া চিৰশান্তি আৰু সৰ্বশক্তিমানৰ সান্নিধ্যত মাতৃৰ সৈতে পুনৰ মিলিত হৈছে। আপোনাৰ কন্যা হোৱাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ গৌৰৱ আৰু আপোনাৰ উত্তৰাধিকাৰ, মূল্যবোধ আৰু আশীৰ্বাদেই মোৰ আগন্তুক যাত্ৰাৰ ভিত্তি হ’ব।‘
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কৌশলৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে তেওঁৰ মৃত্যুৰ খবৰটো হৃদয়বিদাৰক।
ৰাজহুৱা জীৱন আৰু আইনৰ ক্ষেত্ৰখনলৈ কৌশলৰ অৱদানৰ স্মৰণ কৰি তেওঁ লগতে কয় যে দেশ আৰু সমাজৰ প্ৰতি তেওঁৰ সেৱা অবিস্মৰণীয়।
