ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে আজি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে সাক্ষাৎ কৰে। তেওঁ আনুষ্ঠানিকভাৱে এখন পত্ৰ দাখিল কৰি ধুবুৰীৰ ফুলবাৰীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ চাৰি লেনযুক্ত দলংখনৰ নাম কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰিবলৈ প্ৰস্তাৱ দিয়ে।
এই প্ৰস্তাৱৰ লক্ষ্য হৈছে জুবিন গাৰ্গে অসমীয়া সংগীত আৰু সংস্কৃতিলৈ আগবঢ়োৱা অমূল্য অৱদানক সন্মান জনোৱা আৰু তেখেতক স্মৰণীয় কৰি ৰখা।
ইয়াৰ পূৰ্বেও, জুবিনৰ বাবে ধুবুৰীত অনুষ্ঠিত হোৱা এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত স্থানীয় ৰাইজে দলংখনৰ নাম জুবিন গাৰ্গৰ নামেৰে ৰখাৰ বাবে দাবী জনাইছিল।
প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ নামত দলংখনৰ নামকৰণ কৰাৰ এই দাবীৰে এখন স্মাৰকপত্ৰত স্বাক্ষৰ কৰি অসমৰ মুখ্যমন্ত্ৰীলৈও প্ৰেৰণ কৰা হৈছিল।
