ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

লোকসভাত জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী সাংসদ গৌৰৱ গগৈৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানভাৰত ৰত্ন প্ৰদানৰ দাবী জনাইছে সাংসদ গৌৰৱ গগৈয়ে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে সংসদৰ চলিত শীতকালীন অধিৱেশনত আজি এই দাবী উত্থাপন কৰে।

সাংসদগৰাকীয়ে জুবিন গাৰ্গক এগৰাকী মহান শিল্পীৰ লগতে পৰিৱেশবিদ, বন্যপ্ৰাণী প্ৰেমী, প্ৰচুৰ অধ্যয়নশীল আৰু মানৱতাবাদী আখ্যা দিয়ে। তেওঁ উল্লেখ কৰে যে, “নব্বৈৰ দশকত মহান শিল্পী জুবিন গাৰ্গে গীত আৰু সুৰেৰে সমগ্ৰ অসমবাসীৰ মাজত আশাৰ সঞ্চাৰ কৰিছিল। পৰৱৰ্তী সময়ত জুবিন গাৰ্গে অসম আৰু অসমবাসীক নৈতিক সাহস দিয়াৰ লগতে জাতিৰ মেৰুদণ্ড স্বৰূপ হৈ পৰিছিল।”

গগৈয়ে লগতে কয় যে, চাহ আৰু এশিঙীয়া গঁড়ৰ লগতে জুবিন গাৰ্গ অসমৰ পৰিচয়। “জুবিন গাৰ্গে গীতেৰে ব্যক্তিগত জীৱনৰ দুখ-হুমুনিয়াহৰ পৰা পৰিত্ৰাণ পোৱাৰ মন্ত্ৰ দিয়াৰ উপৰিও জাতি-ধৰ্মক লৈ সমাজখনক ভাগ ভাগ নহ’বলৈকো শিকাইছিল। জুবিন গাৰ্গে এখন ভয়মুক্ত, ঘৃণামুক্ত, শান্তিৰে ভৰপূৰ মিলাপ্ৰীতিৰ বৰ অসম গঢ়াৰ সপোন দেখিছিল। জুবিন গাৰ্গ কাঞ্চনজংঘা আছিল আৰু সদায়েই কাঞ্চনজংঘা হৈয়েই থাকিব।”

শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবী জনাই সাংসদগৰাকীয়ে কয় যে, “বিদেশ মন্ত্ৰণালয় আৰু ছিংগাপুৰৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আয়োজন কৰা অনুষ্ঠানলৈ আমন্ত্ৰিত হৈ গৈছিল জুবিন। আৰু তাতে তেওঁৰ ৰহস্যজনক মৃত্যু হয়।” মুখ্যমন্ত্ৰীয়ে জুবিনৰ মৃত্যুক হত্যাকাণ্ড বুলি অভিহিত কৰাৰ প্ৰসংগ উত্থাপন কৰি নিম্ন সদনত গৌৰৱ গগৈয়ে কেন্দ্ৰীয় চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে।