ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

সংসদৰ চৌহদত শ্ৰম সংহিতাৰ বিৰুদ্ধে ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ তীব্ৰ প্ৰতিবাদ

সংসদৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিনটোত সংসদৰ চৌহদত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ সাংসদসকলে চৰকাৰে প্ৰণয়ন কৰা নতুন চাৰিখন শ্ৰম সংহিতাৰ (Four Labour Codes) বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা আদি শীৰ্ষ নেতাসকল উপস্থিত থাকে।

প্ৰতিবাদকাৰী সাংসদসকলে হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ড লৈ “কৰ্প’ৰেট জংগলৰাজ নহয়, শ্ৰমিকৰ বাবে ন্যায়” ধ্বনিৰে সংসদৰ চৌহদ উত্তাল কৰি তোলে।

বিৰোধীৰ অভিযোগ অনুসৰি, চৰকাৰে প্ৰণয়ন কৰা নতুন শ্ৰম সংহিতাই কৰ্মচাৰী আৰু শ্ৰমিকৰ অধিকাৰ সংকুচিত কৰি কৰ্প’ৰেট স্বাৰ্থক অগ্ৰাধিকাৰ দিছে। তেওঁলোকে দাবী কৰিছে যে এই বিষয়ে সংসদত আলোচনা কৰিবলৈ চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবেই এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।

ইফালে, অহা ৯ ডিচেম্বৰত ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনী (SIR – Special Intensive Revision) সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এখন আলোচনাৰ আয়োজন কৰিব বুলি জানিব পৰা গৈছে। শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পৰাই এই বিষয়ক লৈ বিৰোধী সাংসদসকলে সদনৰ ভিতৰ-বাহিৰত প্ৰতিবাদ কৰি আহিছে। সদনত এক অচলাৱস্থাৰ সৃষ্টি হোৱাৰ মাজতে চৰকাৰেও বিৰোধীক সহযোগৰ আহ্বান জনাইছে।

ইয়াৰ পূৰ্বে, ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ নেতাসকলে সংসদত অনুষ্ঠিত হ’বলগীয়া আলোচনাসমূহৰ ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে এখন অভ্যন্তৰীণ বৈঠক অনুষ্ঠিত কৰিছিল। এই বৈঠকত মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীকে ধৰি একাধিক বিৰোধী নেতা উপস্থিত থাকে।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে জনাইছে যে: ৮ ডিচেম্বৰত লোকসভাত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এখন বিশেষ আলোচনা অনুষ্ঠিত হ’ব। আৰু ৯ ডিচেম্বৰত ভোটাৰ তালিকাৰ সংস্কাৰ সন্দৰ্ভত তৰ্ক-বিতৰ্ক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখনীয় যে, ঔদ্যোগিক সম্পৰ্ক সংহিতা, ২০২০ অনুসৰি কোনো ট্ৰেড ইউনিয়নৰ অন্ততঃ ৫১ শতাংশ সদস্য থাকিলে তাক আলোচনাপন্থী সংঘ (Negotiating Union) হিচাপে স্বীকৃতি দিয়া হ’ব। চৰকাৰৰ মতে, এই ব্যৱস্থাই সামূহিক দৰদাম (Collective Bargaining) অধিক শক্তিশালী কৰিব। লগতে ধৰ্মঘটৰ সংজ্ঞাৰ পৰিসৰো সম্প্ৰসাৰিত কৰিছে।