এআই ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এটা ভিডিঅ’ক লৈ পুনৰ ৰাষ্ট্ৰীয় ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে ছ’চিয়েল মিডিয়াত এনে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন চাহৱালাৰ বেশত দেখা গৈছে! এই ভিডিঅ’টোৰ বিৰুদ্ধে বিজেপিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে। তেওঁলোকৰ বক্তব্য, প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ বাবে যি কাম কৰি আছে সেয়া কংগ্ৰেছে সহ্য কৰিব পৰা নাই।
কংগ্ৰেছ নেত্ৰী ৰাগিনী নাইকে শ্বেয়াৰ কৰা এই ভিডিঅ’টোত, নৰেন্দ্ৰ মোদীক নীলা কোট আৰু ক’লা পেন্ট পৰিহিত অৱস্থাত, হাতত চাহৰ কেটলি লৈ ৰঙা কাৰ্পেটেৰে খোজ কাঢ়ি যোৱা দেখা গৈছে।
ভিডিঅ’টো পোহৰলৈ অহাৰ লগে লগে বিজেপিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকে স্পষ্টকৈ কৈছে যে কংগ্ৰেছে প্ৰধানমন্ত্ৰীক অপমান কৰাৰ নীচ ৰাজনীতি চলাই আছে।
উল্লেখযোগ্য যে, যোৱা ছেপ্টেম্বৰ মাহত বিহাৰ কংগ্ৰেছে শ্বেয়াৰ কৰা এটা এআই ভিডিঅ’ত মোদীৰ স্বৰ্গীয় মাতৃৰ কণ্ঠ নকল কৰি তেওঁক সমালোচনা কৰা দেখুৱা হৈছিল। সেই ভিডিঅ’টোক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল আৰু পাটনা উচ্চ ন্যায়ালয়ে সেয়া মচি পেলাবলৈ নিৰ্দেশ দিছিল।
