প্ৰাণৰ শিল্পী জুবিন গাৰ্গ শাৰীৰিকভাৱে আমাৰ মাজত নোহোৱা হোৱাৰ পিছৰে পৰা সমগ্ৰ অসমে প্ৰতিটো দিন চকুলো টুকিছে। ৰাইজে নিজৰ ঘৰৰ এজন সদস্যক হেৰুৱাইছে। শিল্পীগৰাকীৰ মৃত্যুৰ দিনটোৰ পৰা বৰ্তমান সময়লৈকে সমগ্ৰ অসমে হিয়া ঢাকুৰি কান্দিছে। দিন বাগৰিলেও সোণাপুৰৰ জুবিন ক্ষেত্ৰত শ শ লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে, য’ত সকলোৱে মিলি কেৱল প্ৰাৰ্থনা কৰিছে। ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতটিক প্ৰাৰ্থনাৰ ৰূপলৈ ৰূপান্তৰিত কৰা বিশ্বৰ প্ৰথমগৰাকী শিল্পী আমাৰ মৰমৰ জুবিন গাৰ্গ।
জুবিন গাৰ্গৰ এজন ঘনিষ্ঠ ব্যক্তি হৈছে ৰাকেশ বড়ো, যাৰ সৈতে ২০০৬ চনৰ পৰা তেওঁৰ সম্পৰ্ক আছিল। ৰাকেশে প্ৰথমে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে ফেশ্বন ডিজাইনাৰ কামত সহায়ক হিচাপে কাম কৰিছিল আৰু তেওঁক ‘বৌ’ নহয় ‘মা’ বুলি জ্ঞান কৰিছিল। ২০১০ চনৰ পৰা ৰাকেশে জুবিন গাৰ্গৰ অনুষ্ঠানসমূহৰ বাদ্য যন্ত্ৰসমূহ মঞ্চত সজাই পৰাই দিয়াৰ লগতে শিল্পীগৰাকীৰ খোৱা লোৱাৰো যত্ন লৈছিল।
সময়ৰ সোঁতত ৰাকেশে এদিন গুৱাহাটীৰ ভূতনাথ শ্মশানত খৰিৰ ব্যৱসায় আৰম্ভ কৰে, কিন্তু তাৰ পিছতো জুবিন গাৰ্গৰ লগত তেওঁৰ কথা-বতৰা চলি থাকে। যিকোনো সময়তে, আনকি মাজৰাতি ২-৩ টা বজাতো জুবিন গাৰ্গ ভূতনাথ শ্মশানত আহিছিল। তেওঁ মনৰ সকলো কথা ৰাকেশৰ লগত পাতিছিল। জুবিন গাৰ্গে ৰাকেশক কৈছিল, “যি আছে খাবলৈ দিয়া।” সেইমতে ৰাকেশে যি বনাইছিল তাকেই সকলোৱে মিলি খাইছিল।
বহু বছৰ আগৰ কথা, জুবিন গাৰ্গে ৰাকেশ বড়োক বলীউডৰ বিখ্যাত গায়িকা শ্ৰেয়া ঘোষালৰ ঘৰলৈও লৈ গৈছিল আৰু তাতো একেলগে মিলি খাইছিল। জুবিন গাৰ্গে নৱগ্ৰহ শ্মশানলৈ যোৱা নাছিল, কাৰণ তাত তেওঁৰ ভগ্নী জংকী বৰঠাকুৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল। সেইবাবে, তেওঁ মনৰ শান্তি বিচাৰি আৰু ভাতৃস্বৰূপ ৰাকেশৰ লগত বহু কথা পাতিবলৈ ভূতনাথ শ্মশানলৈ গৈছিল। তেওঁ ৰাকেশৰ পৰিয়ালৰ খবৰ সুধিছিল আৰু টকা-পইচাৰ কিবা সমস্যা হৈছে নেকি তাৰো খবৰ ৰাখিছিল।
