ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

২০০ বছৰৰ পিছত বাৰাণসীত বিৰল বেদ পাঠ! ১৯ বছৰীয়া দেবব্ৰতৰ কন্ঠস্ব ‘দণ্ডক্ৰম পৰায়ণম’

এয়া এক বিৰলতম ঘটনা! বাৰাণসীত মাত্ৰ ১৯ বছৰ বয়সতে দণ্ডক্ৰম পৰায়ণম সম্পন্ন কৰিলে দেবব্ৰত মহেশ ৰেখেয়ে। শুক্ল যজুৰ্বেদৰ অন্যতম দুৰ্লভ আৰু জটিল এই পাঠ প্ৰায় ২০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে শাস্ত্ৰসন্মতভাৱে পাঠ কৰা হ’ল।

এই অসাধাৰণ সফলতাৰ আঁৰত আছে তেওঁৰ গুৰু তথা পিতৃ বেদব্ৰহ্মশ্ৰী মহেশ চন্দ্ৰকান্ত ৰেখে। শুক্ল যজুৰ্বেদৰ মধ্যন্দিন শাখাৰ প্ৰধান পৰীক্ষক হিচাপে তেওঁ বছৰ বছৰ ধৰি বিলুপ্তপ্ৰায় এই বেদ পাঠৰ ধাৰা বজাই ৰাখিছে।

পণ্ডিত মহলে কৈছে যে তেওঁৰ কঠোৰ প্ৰশিক্ষণ আৰু নিয়মানুৱৰ্তিতাই দেবব্ৰতক এই ঐতিহাসিক পাঠ সম্পন্ন কৰাত সহায় কৰিছে।

মহাৰাষ্ট্ৰৰ বাসিন্দা মহেশ চন্দ্ৰকান্ত ৰেখেয়ে দীৰ্ঘদিন ধৰি শুক্ল যজুৰ্বেদ পাঠৰ নিৰ্দিষ্ট স্বৰ, উচ্চাৰণ আৰু ধ্বনিমাধুৰ্য ৰক্ষাৰ অনুশীলন কৰি আহিছে। তেওঁ শ্ৰীৰংগেৰী পীঠৰ বেদ পোষক সভাৰ প্ৰধান পৰীক্ষক। তেওঁ পুত্ৰ দেবব্ৰতক নিখুঁত মুখস্থশাস্ত্ৰৰ জৰিয়তে দীৰ্ঘদিন ধৰি সাজু কৰি তুলিছিল। আৰু তাৰ পাছতেই এই সফলতা লাভ কৰা হয়।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুপৰীয়া টুইট কৰে। এই বিস্ময় কিশোৰক শুভেচ্ছা জনাই তেওঁ লিখিছে, “১৯ বছৰীয়া বেদান্তবিদ বেদমূৰ্তি দেবব্ৰত মহেশ ৰেখেয়ে যি সাধনা সম্পন্ন কৰিছে, সেয়া অনাগত প্ৰজন্মইও মনত ৰাখিব। শুদ্ধ উচ্চাৰণেৰে, কোনো বিৰতি নোহোৱাকৈ, একেৰাহে ৫০ দিন ধৰি তেওঁ শ্বেত যজুৰ্বেদৰ মধ্যন্দিনী শাখাৰ প্ৰায় ২ হাজাৰ মন্ত্ৰৰ দণ্ডক্ৰম পৰায়ণম কৰিছে। ভাৰতীয় সংস্কৃতিক ভালপোৱা সকলৰ বাবে এই কৃতিত্ব গৌৰৱৰ। তেওঁ যেন গুৰু-পৰম্পৰাৰ ঐতিহ্যক আৰু অধিক আগুৱাই লৈ যাব পাৰে।”