মাত্ৰ তিনি ফুট উচ্চতা, ওজন মাথোঁ ২০ কেজি। ডাক্তৰী ভাষাত ‘ডোৱাৰ্ফিজম’। তেওঁৰ ৭২ শতাংশ শাৰীৰিক প্ৰতিবন্ধকতা আছে। এই সকলো বাধা নেওচি তেওঁ নিজৰ সপোন বাস্তৱত পৰিণত কৰিলে। ২৫ বছৰ বয়সত তেওঁ চিকিৎসা বিষয়া হিচাপে যোগদান কৰিলে।
কেৱল যোগ দিয়াই নহয়, চৰকাৰী স্বাস্থ্য ব্যৱস্থাত গুৰুত্বপূৰ্ণ দায়িত্বও পালন কৰিছে! এনেদৰে অসম্ভৱকো সম্ভৱ কৰি তুলিছে গুজৰাটৰ ভাৱনগৰ জিলাৰ গোৰখি গাঁৱৰ এই যুৱকে। মাত্ৰ তিনি ফুট উচ্চতাৰ গণেশ বাৰাইয়া আজি সমগ্ৰ দেশৰ বাবে এক প্ৰেৰণাৰ প্ৰতীক।
কৃষক পৰিয়ালত গণেশৰ জন্ম। সাতগৰাকী ভগ্নী আৰু এজন ভাতৃৰে মুঠ নজন ভাই-ভনীৰ ভিতৰত তেওঁ এজন। এতিয়াও তেওঁলোকৰ পৰিয়াল এটা কেঁচা ঘৰত থাকে। পৰিয়ালৰ অভাৱ দূৰ কৰিবলৈয়ে তেওঁ পঢ়ি-শুনি চিকিৎসক হ’ল। কিন্তু এই পথত আছিল হাজাৰ বাধা। এতিয়া সেই সকলো অতিক্ৰম কৰি চিকিৎসালয়ত দায়িত্ব লোৱাৰ পিছতো তেওঁৰ প্ৰথম লক্ষ্য অতি স্পষ্ট— পৰিয়ালৰ বাবে এটা ইটাৰ পকী ঘৰ সজা।
তেওঁৰ ভাষাত, “টকাৰ অভাৱত কেইবাবাৰো ঘৰৰ কাম বন্ধ হৈ গৈছিল। এইবাৰ নিজৰ উপাৰ্জনেৰে সেই কাম শেষ কৰিম।”
গণেশৰ চিকিৎসক হোৱাৰ পথ সহজ নাছিল। ২০১৮ চনত মেডিকেল কাউন্সিল অফ ইণ্ডিয়া(এম.চি.আই.)ই তেওঁক এম.বি.বি.এছ. পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ দিয়া নাছিল। এম.চি.আই.-ৰ যুক্তি আছিল যে তেওঁৰ উচ্চতা আৰু শাৰীৰিক অৱস্থাৰ বাবে তেওঁ চিকিৎসকৰ দায়িত্ব পালন কৰিব নোৱাৰিব। তাৰপিছত এই সিদ্ধান্তৰ বিৰুদ্ধে গণেশে যুঁজ আৰম্ভ কৰে। তেওঁৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক ড. দিলপতভাই কাটাৰিয়াই তেওঁক আৰ্থিকভাৱে সহায় কৰে।
প্ৰথমে গুজৰাট উচ্চ ন্যায়ালয়ত এই গোচৰ চলিছিল যদিও উচ্চ ন্যায়ালয়ে এম.চি.আই.-ৰ পক্ষত ৰায় দিয়ে। কিন্তু গণেশে হাৰ নামানিলে। তেওঁ একেসময়তে বি.এছ.চি. পাঠ্যক্ৰমত নামভৰ্তি কৰে আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। চাৰি মাহৰ পাছত উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে উচ্চতা কোনো বাধা হ’ব নোৱাৰে, তেওঁক এম.বি.বি.এছ. পঢ়াৰ পৰা বঞ্চিত কৰিব নোৱাৰি। সেই ৰায়ৰ পাছত ২০১৯ চনত তেওঁ ভাৱনগৰ মেডিকেল কলেজত নামভৰ্তিৰ সুযোগ পায়।
শাৰীৰিক সীমাবদ্ধতাৰ বাবে শিক্ষা লাভ কৰাতো গণেশৰ বাবে অতিকে কঠিন আছিল। কিন্তু তেওঁ কৈছে যে তেওঁৰ সহপাঠী আৰু শিক্ষকসকলেই আছিল তেওঁৰ শক্তিৰ উৎস। এনাটমী ক্লাছত আগত বহিবলৈ ঠাই ৰখা, অস্ত্ৰোপচাৰৰ প্ৰশিক্ষণৰ সময়ত অপাৰেচন টেবুল চাবলৈ সহায় কৰা— সকলোতে তেওঁলোকে গণেশৰ কাষত থিয় দিছিল। গণেশে কয়, “তেওঁলোকে মোৰ উচ্চতাক কেতিয়াও সমস্যা হ’বলৈ দিয়া নাছিল। যিমানখিনি প্ৰয়োজন, সকলোতে সহায় কৰিছিল।”
চিকিৎসা ল’বলৈ অহা ৰোগীসকলে প্ৰথমে তেওঁৰ চেহেৰা দেখি আচৰিত হয়। কিন্তু তেওঁৰ যুঁজৰ কাহিনী শুনাৰ পাছত তেওঁলোকৰ বিশ্বাস আৰু গভীৰ হয়। গণেশে কয়, “সকলোৱে প্ৰথমে আচৰিত হয়। পিছত যেতিয়া গম পাই যে মই কি যুঁজ দি ইয়ালৈ আহিছোঁ, তেতিয়া সম্পূৰ্ণ আস্থা ৰাখে।”
এম.বি.বি.এছ. আৰু ইণ্টাৰ্ণশ্বিপ শেষ কৰি এতিয়া তেওঁ চৰকাৰী চিকিৎসা বিষয়া। ভৱিষ্যতে শিশু বিভাগ, ছালৰ ৰোগ বা ৰেডিঅ’লজিৰ দৰে কোনো বিষয়ত বিশেষজ্ঞ হোৱাৰ ইচ্ছা তেওঁৰ। তেওঁৰ ভাষাত, “মই গাঁৱৰ দৰিদ্ৰ মানুহৰ বাবে কাম কৰিব বিচাৰোঁ। তেওঁলোককেই চিকিৎসকৰ প্ৰয়োজন আটাইতকৈ বেছি।”
তেওঁক পৃথিৱীৰ আটাইতকৈ চুটি উচ্চতাৰ ডাক্তৰ হিচাপেও গণ্য কৰা হৈছে।
গণেশে নিজেই স্বীকাৰ কৰে— মানুহে প্ৰথমবাৰ তেওঁক দেখি অলপ অস্বস্তি অনুভৱ কৰে। কিন্তু ইয়াৰ পিছতেই তেওঁলোকৰ ব্যৱহাৰ সলনি হয়।
গণেশে কয়, “ৰোগীসকলে প্ৰথমে আচৰিত হয়। পিছত তেওঁলোকৰ আচৰণ অতি সৌজন্যপূৰ্ণ হয়। তেওঁলোকৰ সেই আন্তৰিকতাই মোক কাম কৰিবলৈ প্ৰেৰণা যোগায়।”
গণেশৰ এই যাত্ৰাৰ কথা পোহৰলৈ অহাৰ লগে লগে নেট মাধ্যমত প্ৰশংসাৰ জোৱাৰ উঠিছে। কোনোবাই লিখিছে, “দেশে তেওঁৰ আৰু বহু সফলতা দেখক।” আন কোনোবাই কৈছে, “সকলো বাধাক পৰাস্ত কৰা এজন সঁচা নায়ক।”
প্ৰশাসনক সমালোচনা কৰি এজনে লিখিছে, “দুৰ্ভাগ্যজনক যে উচ্চতম ন্যায়ালয়ে নোকোৱালৈকে এনে ক্ষেত্ৰত সমাধান নহয়।”
