ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

সকলো স্মাৰ্টফোনতে বাধ্যতামূলক ‘সঞ্চাৰ সাথী’, ডিলিট কৰিব নোৱাৰিব; গোপনীয়তাক লৈ উদ্বিগ্নতা

চাইবাৰ সুৰক্ষাৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। ইয়াত স্পষ্টকৈ উল্লেখ আছে যে ভাৰতত বিক্ৰী হোৱা প্ৰতিটো নতুন স্মাৰ্টফোনত ‘সঞ্চাৰ সাথী’ এপটো প্ৰি-ইনষ্টল কৰিব লাগিব আৰু ব্যৱহাৰকাৰীয়ে ইয়াক ডিলিট কৰিব নোৱাৰিব। নৰেন্দ্ৰ মোডী চৰকাৰৰ এই সিদ্ধান্তই সমগ্ৰ দেশতে উদ্বেগ বৃদ্ধি কৰিছে। চিম বাইণ্ডিং নিয়মক লৈ চলি থকা বিতৰ্ক শেষ হোৱাৰ পূৰ্বেই এইবাৰ চৰকাৰে অধিক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

বাতৰি মতে, টেলিকম বিভাগে ইতিমধ্যে স্মাৰ্টফোন নিৰ্মাতা কোম্পানীলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। পুৰণি ফোনত অ’টিএ (OTA)চফটৱেৰ আপডেটৰ জৰিয়তে জাপি দিয়া হ’ব এই এপ। ভাৰতত প্ৰথমবাৰৰ বাবে এনে নন-ৰিমুভেবল চৰকাৰী এপ বাধ্যতামূলক কৰা হৈছে।

ইয়াৰ পূৰ্বে ৰাছিয়াই এনে নিয়ম প্ৰৱৰ্তন কৰিছে, য’ত ২০২৫ চনৰ ছেপ্টেম্বৰৰ পৰা সকলো ডিভাইচতে মেক্স মেচেঞ্জাৰ বাধ্যতামূলক। চৰকাৰৰ ব্যাখ্যা হৈছে যে ই নিৰাপত্তাৰ বাবে উপযোগী, ফোন ট্ৰেকিং আৰু জালিয়াতি ৰোধ কৰে। কিন্তু বিশেষজ্ঞ আৰু ব্যৱহাৰকাৰীৰ এক বৃহৎ অংশই বিশ্বাস কৰে যে ইয়াৰ ফলত গোপনীয়তা আৰু ব্যক্তিগত স্বাধীনতাত অভূতপূৰ্ব হস্তক্ষেপ আৰম্ভ হ’ল।

বৰ্তমান সঞ্চাৰ সাথী এপ আৰু ৱেবছাইট দুয়োটা মাধ্যমতে ব্যৱহাৰ কৰিব পৰা যাব। যদিও ইয়াৰ ব্যৱহাৰ এতিয়ালৈকে ঐচ্ছিক, চৰকাৰে দাবী কৰিছে যে এই প্লেটফৰ্মে নাগৰিকৰ চাইবাৰ সুৰক্ষা বৃদ্ধি কৰিব আৰু জালিয়াতি বা ফোন চুৰিৰ সৈতে জড়িত সমস্যাত ক্ষীপ্ৰতাৰে সহায় কৰিব।

দৰাচলতে সঞ্চাৰ সাথী কি?

চৰকাৰী টেলিকম বিভাগে সৃষ্টি কৰা এই প্লেটফৰ্মৰ লক্ষ্য হৈছে মোবাইল গ্ৰাহকক সুৰক্ষা প্ৰদান কৰা। চাইবাৰ জালিয়াতিৰ বিষয়ে নাগৰিকক সজাগ কৰা। চুৰি বা হেৰুৱা ফোন বিচাৰি উলিওৱাত সহায় কৰা আৰু নিজৰ নামত চলি থকা সন্দেহজনক মোবাইল সংযোগ চিনাক্ত কৰা। ৱেবছাইটৰ ভাষাত “মোবাইল গ্ৰাহকক সবলীকৰণ, সুৰক্ষা বৃদ্ধি আৰু চৰকাৰৰ জনমুখী পদক্ষেপৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে সঞ্চাৰ সাথী সৃষ্টি কৰা হৈছে।”

সঞ্চাৰ সাথী কি কি সুবিধা পোৱা যাব?

ক) চুৰি বা হেৰুৱা ফোন ব্লক আৰু অনুসৰণ কৰা। হেৰুৱা ফোনসমূহ পোনপটীয়াকৈ এপ বা ৱেবছাইটৰ পৰা ব্লক কৰিব পাৰিব।

খ) কোনোবাই যদি ব্লক কৰা ফোন ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে তেন্তে তাৰ ট্ৰেচ বিচাৰি পোৱা যায়।

গ) যদি ফোনটো ঘূৰাই পোৱা হয় তেন্তে একেটা প্লেটফৰ্মৰ পৰা আনব্লক কৰিব পাৰি।

ঘ) IMEI নম্বৰ ব্যৱহাৰ কৰি সমগ্ৰ দেশতে ফোনটো বিচাৰি পোৱাটো সম্ভৱ।

ঙ) আপোনাৰ নামত মোবাইল সংযোগ পৰীক্ষা কৰিব পাৰিব। কেতিয়াবা অজানিতে আপোনাৰ নামত একাধিক সংযোগ খোলা হয়। এই এপটোৱে আপোনাক দেখুৱাই যে আপোনাৰ নামত কিমান চিম চলি আছে।

চ) ‘চক্ষু’—এইটো এটা চাইবাৰ জালিয়াতিৰ ৰিপোৰ্ট কৰাৰ সেৱা। চক্ষু (Chakshu) এপটোৰ গুৰুত্বপূৰ্ণ ফিচাৰসমূহৰ দ্বাৰা সন্দেহজনক কল, এছএমএছ, হোৱাটছএপ—সকলো ধৰণৰ প্ৰৱঞ্চনামূলক যোগাযোগৰ ৰিপৰ্ট দিব পাৰি। ইয়াৰ ভিতৰত আছে বেংক/কেৱাইচি ফিছিং কল, TRAI/DoTৰ নামত ভুৱা কল, আৰক্ষীৰ বেশত প্ৰৱঞ্চনা, ষ্টক/বিনিয়োগ জালিয়াতি, গেছ, বিদ্যুৎ, বীমা সম্পৰ্কীয় ভুৱা বাৰ্তা, সন্দেহজনক লিংক বা APK ফাইল।

অৱশ্যে টেলিকম বিভাগে কৈছে—চক্ষু চাইবাৰ অপৰাধৰ খবৰ দিয়াৰ ঠাই নহয়। চাইবাৰ অপৰাধৰ বাবে ৰাষ্ট্ৰীয় চাইবাৰ পৰ্টেল ব্যৱহাৰ কৰিব লাগে।

ছ) অবাঞ্চিত বাণিজ্যিক কল/এছএমএছ (স্পেম) ৰিপৰ্ট কৰিব পাৰি। TRAI ৰ ২০১৮ চনৰ নিয়ম অনুসৰি স্পেম কল বা মেছেজ ৰিক্লেইম কৰাৰ সুবিধাও আছে।

চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত কিয় গুৰুত্বপূৰ্ণ সঞ্চাৰ সাথী?

চাইবাৰ জালিয়াতি, অ’টিপি চুৰি, ফিছিং লিংক, ডিভাইচ ক্ল’নিঙৰ ক্ৰমাৎ বৃদ্ধি পোৱা ঘটনাৰ মাজতে এই এপটো সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে তাৎক্ষণিক সুৰক্ষাৰ এক প্ৰধান পৰিমাপ। হোৱাটছএপ, টেলিগ্ৰাম, আইমেছেজ, এছএমএছ—যিকোনো প্লেটফৰ্মত ভুৱা যোগাযোগৰ ৰিপৰ্ট দিয়াৰ সুবিধা থাকে। হেৰাই যোৱা ফোন বিচাৰি উলিওৱাৰ বাবে ই দেশৰ ভিতৰতে চৰকাৰীভাৱে পৰিচালিত আটাইতকৈ ফলপ্ৰসূ ব্যৱস্থা।

ত পোৱা যাব এপটো?

গুগল প্লে ষ্ট’ৰ আৰু এপল এপ ষ্ট’ৰ দুয়োটাতে উপলব্ধ সঞ্চাৰ সাথী। ৱেব সংস্কৰণটোও উপলব্ধ: তাৰ পৰাও সকলো ফিচাৰ ব্যৱহাৰ কৰিব পাৰি।

এই সিদ্ধান্তক লৈ কিয় ইমান বিতৰ্ক হৈছে?—৫টা ডাঙৰ কাৰণ

১) এপটো ‘চৰকাৰী ট্ৰেকাৰ’ হোৱাৰ সম্ভাৱনা আছে। সঞ্চাৰ সাথীয়ে এতিয়া চুৰি হোৱা ফোন ব্লক/ট্ৰেক কৰাত সহায় কৰে। কিন্তু যদি ইয়াক অপাৰেটিং চিষ্টেমত এনেদৰে সন্নিৱিষ্ট কৰা হয় যে ইয়াক ডিলিট কৰিব নোৱাৰি, তেন্তে ই কাৰ্যতঃ চৰকাৰৰ বাবে সৰ্বকালৰ ট্ৰেকিং টুল হৈ পৰিব পাৰে।

বহুতে প্ৰশ্ন কৰিছে—আজি কেৱল আইএমইআই ট্ৰেকিংহে উপলব্ধ, কিন্তু ভৱিষ্যতে ডিজিটেল আইডি বাধ্যতামূলক কৰি এপে আহিবনে? এইটো ফোনত ভিপিএন নিষিদ্ধ কৰাৰ টুল নেকি? মেচেজৰ কপি নিয়মিতভাৱে প্ৰেৰণ কৰা হ’বনে? এজন চাইবাৰ বিশেষজ্ঞৰ মতে চৰকাৰে এবাৰ অপাৰেটিং চিষ্টেমৰ স্তৰত প্ৰৱেশ কৰিলে বা সেই দুৱাৰখন এবাৰ খোলাৰ পিছত কেতিয়াও বন্ধ নহয়।

) ব্যক্তিগত স্তৰত প্ৰত্যক্ষ হস্তক্ষেপ

আইনৰ দৃষ্টিত মোবাইল ফোন ব্যক্তিগত পৰিসৰৰ অংশ, য’ত—ব্যক্তিগত কথা-বতৰা, স্পৰ্শকাতৰ তথ্য, ব্যক্তিগত ফটো, নথি-পত্ৰ সকলো জমা হৈ থাকে। প্ৰশ্ন উত্থাপন হয়— চৰকাৰে যে ফোনত সংৰক্ষিত এনক্ৰিপ্ট নকৰা ফাইল বা মেচেজ নপঢ়িব বা নাচাব তাৰ নিশ্চয়তা ক’ত? আজি যিটো নাই, ভৱিষ্যতে কোনো আপডেটত সেয়া যোগ নহ’ব—এইদৰেই বা কোনে নিশ্চিত কৰিব? বহুতৰ মতে এয়া গোপনীয়তাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ।

) তথ্য সুৰক্ষা আইনসমূহৰ পৰা ৰেহাই

বহু ক্ষেত্ৰত নিজকে তথ্য সুৰক্ষা আইনৰ বাহিৰত ৰখাৰ ব্যৱস্থা কৰিছে চৰকাৰে। ফলত—ব্যক্তিগত সংস্থাসমূহৰ ওপৰত অধিক কঠোৰ নিয়ম বলবৎ কৰা হৈছে। কিন্তু চৰকাৰৰ দায়বদ্ধতা তুলনামূলকভাৱে কম হৈয়েই আছে। বহুতে বিশ্বাস কৰে যে এতিয়া বাধ্যতামূলক চৰকাৰী এপটোৱে সেই দিশটোকে আৰু অধিক উন্মোচন কৰিছে।

)ব্লটৱেৰএতিয়া চৰকাৰী ৰূপত

বহু ফোনত ইতিমধ্যে কিছুমান অপ্ৰয়োজনীয় এপ আছে। ইয়াৰ বাহিৰেও কিছুমান বাণিজ্যিক চফটৱেৰ আছে যিবোৰ ডিলিট কৰিব নোৱাৰি। একাংশ পৰ্যবেক্ষকৰ মতে এইবাৰ পৰিস্থিতি বেলেগ, চৰকাৰে নিজেই জাপি দিছে ব্ল’টৱেৰ। চাইবাৰ বিশেষজ্ঞৰ এটা অংশই দাবী কৰে—“এতিয়া সকলোৱে নিজৰ ফোন ৰুট কৰিব লাগিব!”

) কোনো ৰাজহুৱা পৰামৰ্শ, কোনো খচৰা প্ৰকাশ অবিহনেচিধাচিধি জাপি দিয়া হৈছে

ভাৰতৰ দূৰসংযোগ বিভাগৰ সিদ্ধান্ত গ্ৰহণৰ ধৰণক ইয়াৰ পূৰ্বেও সমালোচনা কৰা হৈছে। এইবাৰ সঞ্চাৰ সাথী এপটো বাধ্যতামূলক কৰাৰ পূৰ্বে কোনো ধৰণৰ জনমত লোৱা হোৱা নাছিল। নীতিৰ খচৰা প্ৰকাশ নহ’ল। সেয়েহে স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। সমালোচকৰ মতে— “এয়া গণতান্ত্ৰিক সিদ্ধান্ত নহয়, বৰঞ্চ জাপি দিয়া হৈছে।”

চৰকাৰৰ মতে সঞ্চাৰ সাথীইয়াৰ সুবিধা কি?

চুৰি হোৱা ফোন ব্লক/ট্ৰেক কৰিব পাৰে। আইএমইআই নম্বৰৰ ভিত্তিত সমগ্ৰ দেশতে কাম কৰে। আপোনাৰ নামত কিমান চিম চলি আছে পৰীক্ষা কৰিব পাৰে। অপৰাধত ব্যৱহৃত ভুৱা চিম ধৰা পেলোৱাত ফলপ্ৰসূ। ফিছিং, কে ৱাই চি জালিয়াতি, হোৱাটছএপ কেলেংকাৰী—এই সকলোবোৰৰ ৰিপৰ্ট কৰিব পাৰি। ইয়াৰ ফলত চাইবাৰ জালিয়াতি হ্ৰাস পাব বুলি চৰকাৰৰ দাবী।