ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

‘একেবাৰে সুস্থ, সমগ্ৰ দেশ ঘুৰি ফুৰিছে’, উচ্চতম ন্যায়ালয়ত ধৰ্ষণকাৰী আছাৰামৰ জামিন বাতিলৰ দাবী ভুক্তভোগীৰ

ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত হোৱা আছাৰাম বাপু নিজৰ অসুস্থতাক আহিলা হিচাপে লৈ জামিনত ওলাইছে। এই ঘটনাত দোষীৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ভুক্তভোগীয়ে। আদালতত নিৰ্যাতিতাৰ অধিবক্তাগৰাকীয়ে কয় যে অছাৰাম একেবাৰেই অসুস্থ নহয়। তেওঁ সুস্থ আৰু সমগ্ৰ দেশ ভ্ৰমণ কৰি আছে। সেয়ে তেওঁৰ জামিন বাতিল কৰিব লাগে।

ৰাজস্থান উচ্চ ন্যায়ালয়ে ধৰ্ষণ কাণ্ডত দোষী সাব্যস্ত হোৱা আছাৰামক চিকিৎসাৰ বাবে ছমাহৰ জামিন প্ৰদান কৰিছে। ২৯ অক্টোবৰত আদালতে এই নিৰ্দেশ দিছিল। তাৰ ভিত্তিত গুজৰাট উচ্চ ন্যায়ালয়েও ৬ নৱেম্বৰত আছাৰামৰ জামিন আবেদন মঞ্জুৰ কৰে।

আছাৰামৰ পক্ষই দাবী কৰিছিল যে তেওঁ গুৰুতৰ হৃদৰোগত আক্ৰান্ত। তেওঁক দীৰ্ঘম্যাদী চিকিৎসাৰ প্ৰয়োজন। উচ্চতম ন্যায়ালয়ত এই নিৰ্দেশক প্ৰত্যাহ্বান জনায় ভুক্তভোগীয়ে। তেওঁৰ অধিবক্তাই কয় যে যোৱা আগষ্ট মাহত আছাৰামৰ শাৰীৰিক অৱস্থা পৰীক্ষা কৰিবলৈ এখন মেডিকেল ব’ৰ্ড গঠন কৰা হৈছিল। সেই ব’ৰ্ডৰ চিকিৎসকে আছাৰামৰ ৰিপ’ৰ্টত উল্লেখ কৰিছিল যে তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ। চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন নাই।

কেৱল সেয়াই নহয়, ভুক্তভোগীৰ অধিবক্তাই প্ৰশ্ন উত্থাপন কৰে যে যদি গুৰুতৰভাৱে অসুস্থ তেওঁ কেনেকৈ দেশৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছে? তেওঁ তথ্য দাঙি ধৰি কয় যে জামিন মঞ্জুৰ হোৱাৰ পিছৰে পৰা আছাৰামে আহমেদাবাদ, যোধপুৰ, ইন্দোৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি আহিছে। এই পৰ্যন্ত তেওঁ দীৰ্ঘদিন ধৰি কোনো চিকিৎসালয়ত চিকিৎসা বিচৰা নাই। তেওঁ হৃষিকেশৰ পৰা মহাৰাষ্ট্ৰলৈকে ভ্ৰমণ কৰি ফুৰিছে। আচলতে তেওঁৰ কোনো ৰোগ নাই, তেওঁ সুস্থ। গতিকে তেওঁৰ জামিন নাকচ কৰিব লাগে।

উল্লেখ্য যে ২০১৩ চনত তেওঁৰ যোধপুৰ আশ্ৰমত নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছিল আছাৰাম বাপু। ২০১৮ চনত তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল।পিছত আছাৰামৰ গান্ধীনগৰ আশ্ৰমত বহুবাৰ ভুক্তভোগীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগতো দোষী সাব্যস্ত হয়। সেই গোচৰতো ২০২৩ চনত তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদানৰ নিৰ্দেশ দিছিল আদালতে। অৱশ্যে অসুস্থতাৰ বাবে শেহতীয়াকৈ জামিনত ওলাইছে ধৰ্ষণকাৰী।