ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ধঁপাত আৰু পান মছলাৰ ওপৰত কৰ পৰিৱৰ্তন: কি এই বৃহৎ পৰিৱৰ্তন?

২০২৫ চনৰ ১ ডিচেম্বৰত লোকসভাত ধঁপাত আৰু পান মছলাৰ ওপৰত বৰ্তমানৰ জি এছ টি ক্ষতিপূৰণৰ বাবে আৰোপ কৰা অতিৰিক্ত কৰৰ(GST Compensation Cess) সলনি নতুন কৰ আৰোপ কৰিবলৈ দুখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। এই বিলসমূহৰ জৰিয়তে এই সামগ্ৰী (Sin Goods) সমূহৰ ওপৰত চৰকাৰে কৰ সংগ্ৰহৰ হাৰ উচ্চ কৰি ৰখাৰ লক্ষ্য স্থিৰ কৰিছে।

কেন্দ্ৰীয় আবকাৰী সংশোধনী বিধেয়ক, ২০২৫ অনুসৰি এই বিধেয়কে চিগাৰেট, চিগাৰ, আৰু হুকাৰ দৰে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত বৰ্তমানৰ জি এছ টি ক্ষতিপূৰণ কৰৰ স্থান ল’ব। এই সংশোধনীৰ জৰিয়তে চৰকাৰে এই ধঁপাতজাতীয় সামগ্ৰীসমূহৰ ওপৰত আবকাৰী শুল্ক (Excise Duty) বৃদ্ধি কৰিব পাৰিব।

আনখন বিধেয়ক হৈছে স্বাস্থ্য সুৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা শুল্ক বিধেয়ক, ২০২৫এই বিধেয়কখনত পান মছলাকে ধৰি কিছুমান বিশেষ সামগ্ৰীৰ উৎপাদনত এক নতুন বিশেষ চেছ প্ৰৱৰ্তন কৰা হ‘ব। এই নতুন অতিৰিক্ত কৰৰ উদ্দেশ্য হৈছে জনস্বাস্থ্য আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা দুয়োটা উদ্দেশ্যকে সমৰ্থন কৰা। ভৱিষ্যতে চৰকাৰে এই তালিকাত আন সামগ্ৰীও যোগ কৰিব পাৰে।

বৰ্তমান ধঁপাত আৰু পান মছলাত জি এছ টিৰ অধীনত ২৮% হাৰত কৰ আৰোপ কৰা হয় আৰু লগতে অতিৰিক্ত ক্ষতিপূৰণৰ কৰো আৰোপ কৰা হয়এই নতুন ব্যৱস্থা গৃহীত হোৱাৰ পিছতো ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত জি এছ টিৰ লগতে বৰ্ধিত আবকাৰী শুল্ক, আৰু পান মছলাত জি এছ টিৰ লগতে নতুন স্বাস্থ্য সুৰক্ষাৰ অতিৰিক্ত কৰ থাকিব। ইয়াৰ ফলত এই সামগ্ৰীসমূহৰ ওপৰত সামগ্ৰিক কৰ হাৰ প্ৰায় ৪০% লৈ বৃদ্ধি পাব

নতুন নিয়ম অনুসৰি, এই সামগ্ৰীসমূহ নিৰ্মাণ কৰা ব্যৱসায়ীসকলে তেওঁলোকৰ যন্ত্ৰপাতি আৰু উৎপাদনৰ সবিশেষ প্ৰতিবেদন দিব লাগিব, আৰু তেওঁলোকৰ সমগ্ৰ কাৰ্য্যকলাপৰ ওপৰত ভিত্তি কৰি কৰ গণনা কৰা হ’ব।

উল্লেখ্য যে জি এছ টিৰ বাবে ৰাজহ ক্ষতি হোৱা ৰাজ্যসমূহক সহায় কৰিবলৈ ২০১৭ চনত এই ক্ষতিপূৰণ কৰ আৰম্ভ কৰা হৈছিল। এই অতিৰিক্ত কৰৰ ম্যাদ কেইবাবাৰো বৃদ্ধি কৰা হৈছিল যদিও চৰকাৰে ৰাজ্যসমূহক ক্ষতিপূৰণ দিবলৈ লোৱা ঋণ সম্পূৰ্ণৰূপে পৰিশোধ কৰাৰ ইয়াৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লৈছে।