অনলি ফেনছৰ মোহময়ী চেলিব্ৰেটি আয়েলাই বিচাৰিছে দৰা। শেহতীয়াকৈ তেওঁ ছাবষ্টেকত ঘোষণা কৰিছে যে যদি কোনোবাই তেওঁৰ বাবে এজন উপযুক্ত দৰা বাচনি কৰি দিব পাৰে তেন্তে দৰা বাচনি কৰি দিয়াজনক আয়েলাই ৮৯ লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰিব। এই ঘোষণাই সমগ্ৰ ইণ্টাৰনেটৰ দুনীয়াত এতিয়া তোলপাৰ লগাইছে।
৩৩ বছৰীয়া আয়েলা ছান ফ্ৰান্সিস্ক’ৰ বে এৰিয়াত থাকে। তেওঁ স্বীকাৰ কৰিছে যে তেওঁ এগৰাকী সাধাৰণ প্ৰেমিকা বা ‘ডেটাৰ’ নহয়। তেওঁৰ ভাষাত, “ডেট কৰাৰ বাবে মানুহ বিচাৰি পোৱা কঠিন নহয়। মোক বিয়া কৰাবলৈ আগ্ৰহী পুৰুষৰো অভাৱ নাই। কিন্তু মই যেনেকুৱা মানুহক বিয়া কৰাব বিচাৰোঁ— তেনে মানুহ অতি কম।”
তেওঁ জনাইছে যে সম্ভাৱ্য সংগী হ’বলৈ প্ৰথম চৰ্ত হ’ল— তেওঁক ‘পলিঅ’মৰি’ (polyamory) বা বহুবিবাহত বিশ্বাসী হ’ব লাগিব। যৌনতাৰ ক্ষেত্ৰত থাকিব লাগিব ‘অমীমাংসিত আৰু অন্ধকাৰাচ্ছন্ন প্ৰৱণতা’। ইয়াৰ লগত থাকিব লাগিব আৰ্থিক সামৰ্থ্য, সন্তান তোলাৰ ইচ্ছা আৰু আত্ম-স্বীকৃত ব্যক্তিত্ব। ৰাজনৈতিক মতবাদ, বয়স, বুদ্ধিমত্তা আৰু শাৰীৰিক গঠন— এইবোৰক তেওঁ ‘অতিৰিক্ত পইণ্ট’ বা বোনাছ হিচাপে গণ্য কৰিছে।
কেৱল বিয়াৰ প্ৰস্তাৱেই নহয়— আয়েলাই আন এক ডাঙৰ অফাৰো দিছে। যদি কোনোবাই এনে এজন ধনী পুৰুষ বিচাৰি দিব পাৰে, যিয়ে ১০ মিলিয়ন ডলাৰ দি কেৱল তেওঁৰ সৈতে সন্তান জন্ম দিয়াৰ ‘চুক্তি’ কৰিব আৰু পাছত তেওঁ অকলেই সন্তানক ডাঙৰ-দীঘল কৰিব— তেন্তে মধ্যস্থতাকাৰীয়ে পাব ৩ লাখ ডলাৰ।
ভৱিষ্যতৰ পৰিকল্পনাত যাতে কোনো জটিলতা নহয়, তাৰ বাবে তেওঁ ইতিমধ্যে বহুতো ডিম্বাণু সংৰক্ষণ কৰি ৰাখিছে। এই গোটেই ব্যৱস্থাটোৰ বাবে তেওঁ এটা অনলাইন ফৰ্ম তৈয়াৰ কৰিছে, য’ত সম্ভাৱ্য সংগীয়ে যৌনতা, ৰাজনৈতিক মত, যুক্তিবোধ আৰু ব্যক্তিগত অভ্যাস সম্পৰ্কীয় প্ৰায়োগিক প্ৰশ্নৰ উত্তৰ দিব লাগে। তাত তথ্য গোপন কৰিলে বা মিছা কথা ক’লে সম্পৰ্ক আৰম্ভ হোৱাৰ আগতেই ভংগ হ’ব— এনে সতৰ্কবাৰ্তাও তেওঁ দিছে।
তেওঁৰ যুক্তি, “২০২৫ চনত কেৱল ৰাস্তাত খোজ কাঢ়ি থাকোঁতে সঠিক মানুহজনৰ সৈতে দেখা হোৱাৰ অপেক্ষাত থকাটো ৰোমান্টিক হ’ব পাৰে, কিন্তু বাস্তৱসন্মত নহয়। প্ৰযুক্তি, তথ্য আৰু ছচিয়েল নেটৱৰ্কিং ব্যৱস্থাই সম্পৰ্কক অধিক কাৰ্যকৰী কৰি তুলিব পাৰে।”
তেওঁ জনাইছে যে তেওঁৰ বৰ্তমানৰ সম্পৰ্কও এনেধৰণৰ এটা সমীক্ষা বা চাৰ্ভেৰ জৰিয়তে আৰম্ভ হৈছিল, যিটো তেওঁৰ অনুৰাগীসকলেই পূৰণ কৰিছিল।
এই ধৰণৰ ঘোষণা নতুন নহয়। ২০২৩ চনত আমেৰিকাৰ লছ এঞ্জেলছৰ অধিবক্তা ইভ টিলি-কলছনেও ঘোষণা কৰিছিল— যদি কোনোবাই তেওঁক ভৱিষ্যত স্বামীৰ সৈতে চিনাকি কৰাই দিব পাৰে, তেন্তে তেওঁ ৫ হাজাৰ ডলাৰ দিব। সেই ভিডিঅ’ ভাইৰেল হৈছিল আৰু বহুতে তেওঁক সম্ভাৱ্য সংগীৰ সৈতে চিনাকি কৰাই দিছিল।
আয়েলাৰ ঘোষণাক কেন্দ্ৰ কৰি এতিয়া বিতৰ্ক আৰম্ভ হৈছে। কোনোবাই ইয়াক প্ৰেমৰ বাণিজ্যিকৰণ বুলিছে, কোনোবাই কৈছে আধুনিক যুগত আৱেগহীন বাস্তৱসন্মত সম্পৰ্কৰ সংস্কাৰ।
কিন্তু আয়েলা এই বিতৰ্কত বিশেষ বিচলিত নহয়। তেওঁৰ যুক্তি সহজ— “আমি সম্পৰ্কক যাদুকৰী বুলি ভাবিবলৈ ভাল পাওঁ। কিন্তু যদি পদ্ধতিগতভাৱে, যুক্তিৰে, সম্পদ ব্যৱহাৰ কৰি তাতকৈ ভাল সংগী পোৱা যায়— তেন্তে সমস্যা ক’ত?”
