গুৱাহাটী মহানগৰখনে দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ গুৰুতৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। ২০১৭ চনৰ পৰাই চহৰখনত ‘কণিকাযুক্ত পদাৰ্থ’ (Particulate Matter)ৰ মাত্ৰাই নিয়মিতভাৱে ৰাষ্ট্ৰীয় মানদণ্ড অতিক্ৰম কৰি আহিছে। দ্ৰুত নগৰীকৰণ, যান-বাহনৰ সংখ্যা বৃদ্ধি, নিৰ্মাণ কাৰ্য, আৱৰ্জনা দহন আৰু উদ্যোগিক বিকাশ আদিৰ ফলত এই পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এই প্ৰেক্ষাপটত, আই-ফৰেষ্টে (iFOREST) অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত আজি গুৱাহাটীৰ বাবে প্ৰথমটো বিস্তৃত “উৎস-ভিত্তিক স্বচ্ছ বায়ু কাৰ্যপ্ৰণালী পৰিকল্পনা”ৰ প্ৰতিবেদন মুকলি কৰে। এই পৰিকল্পনাটো ৱাৰ্ড-স্তৰৰ বিশদ মানচিত্ৰণৰ (Mapping) ওপৰত আধাৰিত, যাৰ জৰিয়তে প্ৰদূষণৰ উৎস আৰু ইয়াৰ প্ৰভাৱ হ্ৰাস কৰাৰ উপায়সমূহ চিনাক্ত কৰা হৈছে।
উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়নশীল চহৰ গুৱাহাটীৰ ভৌগোলিক অৱস্থান এটা বাটিৰ দৰে (খাছী পাহাৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত)। ইয়াৰ ফলত প্ৰদূষক পদাৰ্থবোৰৰ স্বাভাৱিক বিস্তাৰ বা বতাহৰ চলাচলত বাধাৰ সৃষ্টি হয় আৰু পৰিবহণ, ধূলি, ৰন্ধন কাৰ্য তথা আৱৰ্জনা দহনৰ পৰা নিৰ্গত ধোঁৱা চহৰখনতে আৱদ্ধ হৈ পৰে। তথ্য অনুসৰি, ২০১৭ চনৰ পৰা ২০২২ চনলৈ চহৰখনত PM 10 আৰু PM 2.5 ৰ মাত্ৰা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।
আই-ফৰেষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ ভূষণে কয়, “বায়ু প্ৰদূষণে আমাৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলায়—ই আমাৰ মুঠ ঘৰুৱা উৎপাদনত প্ৰায় ৩ৰ পৰা ৫ শতাংশলৈকে প্ৰভাৱ পেলায়—কাৰণ ই আমাৰ স্বাস্থ্য আৰু অৰ্থনীতি দুয়োটাক একে সময়তে ক্ষতি কৰে। বায়ু প্ৰদূষণ মানে মূলত: ধোঁৱা আৰু ধূলি: আমি যি জ্বলাইছোঁ তাৰ পৰা হোৱা ধোঁৱা আৰু আমি যি চলাওঁ তাৰ ফলত সৃষ্টি হোৱা ধূলি। ৰাষ্ট্ৰীয় পৰ্যায়ত বায়ুৰ গুণগত মানৰ মানদণ্ড পুনৰীক্ষণৰ বিষয়ে আলোচনা চলি থাকলেও, আমাৰ প্ৰথম লক্ষ্য হ’ব লাগিব ইতিমধ্যে বিদ্যমান মানদণ্ডসমূহ পূৰণ কৰা। গুৱাহাটী স্বচ্ছ বায়ু কাৰ্যপৰিকল্পনাৰ এই প্ৰতিবেদন ঠিক সেই লক্ষ্যৰেই সৰ্বাংগীণভাৱে প্ৰস্তুত কৰা হৈছে।”
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ অধ্যাপক অৰূপ কুমাৰ মিশ্ৰই কয়, “গুৱাহাটীত এসময়ত বায়ু প্ৰদূষণ বুলিলে কি বুজায়, সেই বিষয়ে আমাৰ কোনো ধাৰণা নাছিল। কিন্তু আজিৰ দিনত মাহৰ পিছত মাহ বৰষুণ নোহোৱা অৱস্থা, দীঘলীয়া শুষ্ক ঋতু, উৰণীয়া সেতুৰ (Flyover) নিৰ্মাণ কাৰ্য, দহ হাজাৰৰো অধিক নতুন যান-বাহনৰ চলাচল, শুকান বতাহৰ ফলত ধূলি উৰা—এইবোৰেই আমাৰ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। জনসাৰণৰ সহযোগিতা নাথাকিলে অসমত প্ৰদূষণ নিয়ন্ত্ৰণ কৰা প্ৰায় অসম্ভৱ। গুৱাহাটী স্বচ্ছ বায়ু কাৰ্যপৰিকল্পনাখন এক আন্তৰিক প্ৰয়াস, য’ত আই-ফৰেষ্টে প্ৰযুক্তিগত সহায় আগবঢ়াইছে। আমি সদায় ৰাইজৰ সৈতে আলোচনাৰ বাট মুকলি ৰাখিছোঁ।”
সংগীতশিল্পী তথা এই কাৰ্যপৰিকল্পনাৰ গুডউইল এম্বেছেডৰ জয় বৰুৱাই কয়, “এইধৰণৰ আলোচনা কেৱল যাতে সীমিত সংখ্যক শিক্ষিত লোকৰ মাজতেই আৱদ্ধ নাথাকি, যিসকল মানুহ এই ধৰণৰ সমস্যাৰ বিষয়ে জ্ঞাত নহয়, তেওঁলোকৰ মাজলৈ লৈ যাব লাগিব।”
বায়ু প্ৰদূষণ ক’ত অধিক সঞ্চিত হয়?
উপগ্ৰহ-ভিত্তিক ‘এৰোছল অপ্টিকেল ডেপ্থ’ (AOD) বিশ্লেষণৰ সহায়ত মহানগৰখনৰ বিভিন্ন অংশত ঋতুভেদে পৃথক পৃথক প্ৰদূষণ ‘হটস্পট’ চিনাক্ত কৰা হৈছে:
- গ্ৰীষ্মকাল: ব্ৰহ্মপুত্ৰৰ পলস জমা হোৱা পাৰ, ধূলিয়ৰি চৰ-চাপৰি, নিৰ্মাণ কাৰ্য চলি থকা অঞ্চল আৰু মুখ্য যান-বাহন কৰিডৰত পথৰ ধূলি উৰি প্ৰদূষণ বৃদ্ধি কৰে।
- শীতকাল: বতাহৰ চলাচল হ্ৰাস পোৱাৰ লগতে ঘৰুৱাভাৱে জুইৰ ব্যৱহাৰ, আৱৰ্জনা দহন, বাণিজ্যিক ৰন্ধন আৰু যানজঁটৰ বাবে গুৱাহাটীৰ মধ্য আৰু পূব অংশত প্ৰদূষণ অধিক বিস্তৃত হয়।
- বাণিজ্যিক কেন্দ্ৰ: ফেন্সী বজাৰ, গণেশগুৰি, বেলতলা, জি.এছ. ৰোড, মালিগাঁও আৰু লখৰা আদি জনবসতিপূৰ্ণ অঞ্চলত ৰেষ্টুৰেণ্ট আৰু পদপথৰ খাদ্য বিক্ৰেতাৰ ঘনত্বৰ বাবে প্ৰদূষণৰ মাত্ৰা সদায়ে সৰ্বাধিক থাকে।
- পৰিবহণ কেন্দ্ৰ: পল্টন বজাৰ, ভঙাগড়, উজান বজাৰ, ছয়মাইল, আজাৰা আৰু জালুকবাৰী আদি অঞ্চলত নিৰন্তৰ ৰন্ধন কাৰ্য আৰু যানজঁটৰ ফলত PM 10 আৰু PM 2.5 ৰ মাত্ৰা অধিক থাকে।
গুৱাহাটীৰ বায়ু প্ৰদূষণৰ মুখ্য কাৰণসমূহ
১. মুক্ত আৱৰ্জনা দহন: গুৱাহাটীত দৈনিক প্ৰায় ৮৮৪ টন পৌৰ আৱৰ্জনা উৎপন্ন হয়, কিন্তু ইয়াৰ মাত্ৰ ৩৫ শতাংশহে প্ৰক্ৰিয়াকৰণ হয়। অৱশিষ্ট ৩৩৩ টন আৱৰ্জনা মুকলি ঠাইত জ্বলাই দিয়া হয় বা পেলাই দিয়া হয়। সমীক্ষা অনুসৰি, প্ৰতিদিন প্ৰায় ৬১ টন আৱৰ্জনা জ্বলাই দিয়া হয়, যাৰ ফলত বছৰত প্ৰায় ১২২ টন PM 2.5 আৰু ২২ টন ব্লেক কাৰ্বন নিঃসৰণ হয়।
২. ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন: বস্তি আৰু পাহাৰীয়া অঞ্চলত এতিয়াও খৰি, কয়লা আৰু কেৰচিনৰ ব্যৱহাৰ অব্যাহত আছে। কেৱল ঘৰুৱা ৰন্ধনৰ পৰাই বছৰি ৩,৯০০ টন PM 2.5 নিৰ্গত হয়।
৩. পৰিবহণ: ব্যক্তিগত যান-বাহনৰ দ্ৰুত বৃদ্ধি (মুঠ বাহনৰ ৮৫%), পুৰণি বাহন আৰু ‘পলিউচন আণ্ডাৰ কণ্ট্ৰল’ (PUC) নিয়মৰ দুৰ্বল কাৰ্যকৰীকৰণে পৰিস্থিতি জটিল কৰিছে।
৪. উদ্যোগিক কাৰ্যকলাপ: ইটাভাটা, পাথৰ ভঙা উদ্যোগ আৰু চিমেণ্ট প্লাণ্টসমূহত পুৰণি প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কামৰূপ মহানগৰ জিলাত বছৰি প্ৰায় ১,৯৪০ টন PM 10 নিৰ্গমন হয়।
মুল পৰামৰ্শসমূহ
প্ৰতিবেদনখনত প্ৰদূষণ হ্ৰাস কৰিবলৈ কেইবাটাও লক্ষ্যভিত্তিক পৰামৰ্শ আগবঢ়োৱা হৈছে:
- আৱৰ্জনা ব্যৱস্থাপনা: উন্নত সংগ্ৰহ ব্যৱস্থাৰ জৰিয়তে মুকলি ঠাইত আৱৰ্জনা দহন সম্পূৰ্ণ বন্ধ কৰা।
- স্বচ্ছ ইন্ধন: ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধনৰ বাবে স্বচ্ছ ইন্ধনলৈ (যেনে LPG/Electric) দ্ৰুত ৰূপান্তৰ।
- পৰিবহণ সংস্কাৰ: PUC নিয়মৰ কঠোৰ বলবৎকৰণ আৰু বৈদ্যুতিক বাছৰ প্ৰসাৰ।
- উদ্যোগিক নিৰীক্ষণ: ‘ৰেড’ শ্ৰেণীৰ উদ্যোগসমূহত ‘কন্টিনিউয়াছ ইমিছন মনিটৰিং ষ্টেচন’ (CEMS) স্থাপন কৰা।
- সজাগতা বৃদ্ধি: আৱৰ্জনা পৃথকীকৰণৰ বাবে ব্যাপক সামাজিক সজাগতা অভিযান চলোৱা।
