ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

সমগ্ৰ দেশত ২০০ খন বিমান বাতিল, সময়মতে চলিছে মাত্ৰ ৩৫ শতাংশ বিমান! বৃহৎ দুৰ্যোগৰ সন্মুখীন ইণ্ডিগ’

সমগ্ৰ দেশতে এক বৃহৎ দুৰ্যোগৰ সন্মুখীন হৈছে ইণ্ডিগ এয়াৰলাইন্স। একেৰাহে দুদিন ধৰি দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোৰ কাম-কাজত গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছে। যাৰ ফলত বহু বিমান বাতিল হৈছে আৰু বহু বিমান পলম হৈছে। মঙলবাৰে কোম্পানীটোৰ সময়মতে প্ৰদৰ্শন মাত্ৰ ৩৫ শতাংশলৈ হ্ৰাস পায়।

বুধবাৰে ইণ্ডিগই দেশৰ একাধিক বিমানবন্দৰৰ পৰা মুঠ ২০০খন বিমান বাতিল কৰে। বুধবাৰে বিয়লিলৈকে দিল্লীত ৩৮খন বিমান বাতিল কৰা হয়, আৰু মুম্বাই আৰু বেংগালুৰুত ৭০খনতকৈও অধিক বিমান বাতিল কৰা হয়। হায়দৰাবাদৰ পৰাও বহু বিমান বাতিল কৰা হয়। মুঠতে দেশজুৰি দুশৰো অধিক বিমান বাতিল কৰা হয়। কেৱল সেয়াই নহয়, এই বিমান সংস্থাটোৰ সময়মতে প্ৰদৰ্শন শোচনীয়ভাৱে হ্ৰাস পাইছে। ২ ডিচেম্বৰত মাত্ৰ ৩৫% বিমান আৰু ১ ডিচেম্বৰত ৪৯.৫% বিমানে সময়মতে উৰণ কৰিছিল। দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোৰ এই প্ৰদৰ্শনৰ চূড়ান্ত বলি হৈছে যাত্ৰীসকল।

এই সমস্যাৰ মূল কাৰণ হিচাপে ইণ্ডিগত দেখা দিয়া ভয়ানক কৰ্মচাৰীৰ সংকটক বুলি শুনা গৈছে। ইতিমধ্যে বিমান সংস্থাটোৱে নামমাত্ৰ কৰ্মচাৰীৰ সৈতে কাম কৰি আছিল। ডিজিচিএই নতুন কৰ্তব্যৰ নিয়ম জাৰি কৰাত কোম্পানীটোক অধিক বিপদত পেলাইছে। সেই নিয়ম অনুসৰি পাইলটৰ কৰ্তব্যৰ সময় দিনটোত সৰ্বাধিক ৮ ঘণ্টা আৰু সপ্তাহত ৩৫ ঘণ্টা হব পাৰে। ফলত পাইলটৰ অভাৱত বহু বিমান গ্ৰাউণ্ড কৰিব লগা হৈছে আৰু বহু বিমান সময়মতে চলাব পৰা হোৱা নাই।

এই সমস্যাৰ বাবে দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোৱে আনুষ্ঠানিকভাৱে ক্ষমা বিচাৰিছে। ইণ্ডিগই কয় যে, “কেতবোৰ কাৰ্য্যকৰী আৰু কাৰিকৰী সমস্যাৰ বাবে আমাৰ সেৱাত সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ বাবে আমি ক্ষমা বিচাৰিছো। এই সমস্যা সমাধানৰ বাবে বহুস্তৰীয় ব্যৱস্থা কৰা হৈছে।” ইণ্ডিগই দাবী কৰিছে যে এই সেৱা সমস্যাৰ কিছুমান ব্যৱস্থাগত কাৰণ আছে আৰু শীঘ্ৰে এই সমস্যা সমাধান হব।