ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ আন্দোলনৰ ২০ দিন অতিক্ৰম : চৰকাৰৰ মৌনতাক লৈ সংবাদমেলত তীব্ৰ ক্ষোভ প্ৰকাশ

ৰাজ্যৰ জৰুৰীকালীন সেৱাৰ মেৰুদণ্ড স্বৰূপ ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীসকলৰ প্ৰতিবাদে আজি ২০ দিনত ভৰি দিলে। দীৰ্ঘদিন ধৰি নিজৰ ন্যায্য প্ৰাপ্যৰ দাবীত আন্দোলন চলাই থকাৰ পিছতো চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোনো ধনাত্মক সঁহাৰি লাভ নকৰাত আজি এক সংবাদমেল যোগে তীব্ৰ ক্ষোভ উজাৰে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই।

সংবাদমেলত কৰ্মচাৰীসকলে আক্ষেপ প্ৰকাশ কৰি কয় যে বছৰ বছৰ ধৰি তেওঁলোকে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীসহ বিভাগীয় কৰ্তৃপক্ষক লিখিত আৰু মৌখিকভাৱে নিজৰ সমস্যাসমূহ অৱগত কৰি আহিছে। কিন্তু চৰকাৰৰ ফালৰ পৰা কেৱল ফুটুকাৰ ফেণ সদৃশ কিছু ‘মৌখিক আশ্বাস’ৰ বাহিৰে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল।

যোৱা ১৭ বছৰ ধৰি ৰাজ্যৰ হাজাৰ হাজাৰ আৰ্ত লোকক মৃত্যুৰ মুখৰ পৰা বচাই অনা এইসকল কৰ্মচাৰীয়ে অভিযোগ কৰা মতে, তেওঁলোকক ‘State Emergency Service Provider’ বুলি কোৱা হয় যদিও বাস্তৱত তেওঁলোকে জৰুৰী সেৱাৰ প্ৰাপ্য মৰ্যাদা, চাকৰিৰ সুৰক্ষাৰ পৰা আজিও বঞ্চিত হৈ আছে।

তেওঁলোকৰ দাবীৰ প্ৰতি চৰকাৰে সহাঁৰি দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ আন্দোলনটোক অবৈধ বুলি ঘোষণা কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰহে ভাবুকি দিছে। ইতিমধ্যে চৰকাৰে ৩০০০ মৃত্যুঞ্জয় কৰ্মীৰ প্ৰায় ১০০০ কৰ্মীক বৰ্খাস্ত কৰা বুলিও জানিব পৰা গৈছে। গতিকে, চৰকাৰক সন্থাটোৱে জনাইছে যে শীঘ্ৰে সমস্যা সমাধানৰ বাবে আলোচনালৈ আহক আৰু আমাৰ দাবীসমূহ মানি লওক। এই দাবীসমূহ সোনকালে মানি নল’লে তেওঁলোকে এই প্ৰতিবাদ চলাই যোৱাৰ লগতে আইনী প্ৰতিকাৰ বিচাৰি আদালতৰ দাৰস্থ হ’ব বুলিও জানিবলৈ দিয়ে।

সন্থাৰ মূল দাবীসমূহ:

সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই চৰকাৰৰ ওচৰত মূলতঃ ৬ টা দাবী উত্থাপন কৰিছে:

  • চাকৰি নিয়মীয়াকৰণ: এই জৰুৰীকালীন সেৱাটি ব্যক্তিগত খণ্ডৰ হাতৰ পৰা নি চৰকাৰী পৰিচালনাৰ অধীনলৈ আনিব লাগে আৰু ৩০০০ থলুৱা যুৱক-যুৱতীৰ চাকৰি নিয়মীয়া কৰিব লাগে।
  • মজুৰি বৃদ্ধি: বৰ্তমানৰ ১৩-১৪ হাজাৰ টকা মজুৰিৰে পৰিয়াল পোহপাল দিয়াটো অসম্ভৱ। সেয়ে তেওঁলোকক ‘দক্ষ শ্ৰমিক’ৰ পৰিৱৰ্তে ‘অতি দক্ষ শ্ৰমিক’ (Highly Skilled) বা ‘Fair Wage’ প্ৰদান কৰিব লাগে।
  • অতিৰিক্ত কৰ্মঘণ্টাৰ মজুৰি: ১২ ঘণ্টা ডিউটি কৰা EMT/Pilot সকলক শ্ৰম আইন উলংঘন কৰি মাত্ৰ ২ ঘণ্টাৰহে অতিৰিক্ত মজুৰি দি থকা হৈছে। বাকী থকা ২ ঘণ্টাৰ বকেয়া মজুৰি আৰু ERO সকলৰ অতিৰিক্ত ১ ঘণ্টাৰ মজুৰি নিয়মিতভাৱে আদায় দিব লাগে।
  • বাৰ্ষিক বোনাছ: ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিও তেওঁলোকে বিধি সন্মত বাৰ্ষিক বোনাছ লাভ কৰা নাই, যাৰ নিয়মীয়া প্ৰদানৰ দাবী জনাইছে।
  • টেণ্ডাৰত স্পষ্ট উল্লেখ: নতুন টেণ্ডাৰত ‘দক্ষ শ্ৰমিক’ৰ মজুৰিৰ কথা উল্লেখ নকৰি ‘অতি দক্ষ শ্ৰমিক’ বা ‘Fair Wage’ৰ নিৰিখ স্পষ্টকৈ উল্লেখ কৰিব লাগে।
  • চৰকাৰী আঁচনিত অন্তৰ্ভুক্তি: ‘আপোন ঘৰ’, ‘সেউজ ঘৰ’ আৰু বেংক ঋণৰ দৰে চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহত এইসকল কৰ্মচাৰীকো অন্তৰ্ভুক্ত কৰিব লাগে।

উল্লেখ্য যে চৰকাৰৰ এনে উদাসীনতাই ৰাজ্যৰ জৰুৰীকালীন স্বাস্থ্য সেৱাত ব্যাপক প্ৰভাৱ পেলাইছে। কৰ্মীসকলৰ আন্দোলনৰ ফলত ৰাজ্যত হাজাৰ হাজাৰ আৰ্ত ৰোগীয়ে জৰুৰী সেৱা লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে।