চচলৰ ধৰ্ণাস্থলীত বিগত ১৭ দিন ধৰি অব্যাহত আছে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ তীব্ৰ প্ৰতিবাদ। নিজৰ বিভিন্ন দাবীৰ সমৰ্থনত অটল থকা কৰ্মচাৰীসকলৰ প্ৰতিনিধিয়ে অৱশেষত স্বাস্থ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় যদিও এই আলোচনাই কোনো নিশ্চিত সমাধান সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।
আজি ১০৮ কৰ্মচাৰী সন্থাৰ সভাপতি আৰু সম্পাদকে স্বাস্থ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এই বৈঠকৰ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি সন্থাৰ সভাপতি প্ৰাঞ্জল শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। স্বাস্থ্যমন্ত্ৰীয়ে সমস্যাসমূহ সমাধানৰ আশ্বাস দিছে যদিও চৰকাৰৰ এই স্থিতিত কৰ্মচাৰীসকল সন্তুষ্ট নহয়। তেওঁলোকে মৌখিক আশ্বাসতকৈ প্ৰাপ্যৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে।
১৭ দিনীয়া প্ৰতিবাদৰ পাছতো চৰকাৰৰ পৰা বিশেষ সহযোগিতা লাভ নকৰা আৰু কৰ্মচাৰীসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাৰ অভিযোগ উত্থাপন কৰিছে সভাপতিগৰাকীয়ে।
প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিছে যে তেওঁলোকে এম্বুলেন্স ৰখাই ৰোগীক হাৰাশাস্তি কৰা নাই।
প্ৰতিবাদকাৰীসকলে এম্বুলেন্সক ‘মন্দিৰ‘ৰ সৈতে তুলনা কৰি জনাই যে ১৭ বছৰে তেওঁলোকে ৰাইজৰ সেৱা কৰি আহিছে। শেহতীয়াকৈ এম্বুলেন্সৰ যি ক্ষতিসাধন বা দুৰ্ব্যৱহাৰৰ ঘটনা সংঘটিত হৈছে, তাক দুৰ্ভাগ্যজনক আখ্যা দি ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সন্থাই।
চৰকাৰে আগন্তুক দিনত ১০৮ কৰ্মীৰ এই দীৰ্ঘদিনীয়া সমস্যাসমূহ কেনেদৰে সমাধান কৰে, সেয়া এতিয়া লক্ষণীয় হ’ব।
